ভূটানৰ পৰা বৈ অহা বাঢ়নী পানীয়ে শংকিত কৰিছে নৈ পৰীয়া ৰাইজক

 07/11/2019 - 20:22

তামুলপুৰঃ বাক্সা জিলাৰ উত্তৰাঞ্চলৰ উপৰি ভূটান পাহাৰত একেলেঠাৰীয়ে কেইবাদিন ধৰি হৈ থকা প্ৰৱল বৰষুণৰ ফলত ভূটান পাহাৰৰ পৰা বৈ অহা আটাইকেইখন পাহাৰীয়া নৈয়ে এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বিভিন্ন অঞ্চলত যাতায়ত ব্যৱস্থা প্ৰায় স্থবিৰ হৈ পৰাৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰিছে। ইয়াৰ উপৰি সদ্যৰোপণ কৰা ধান খেতি, কঠিয়া আদিৰো ক্ষতিসাধন হৈছে।

ইতিমধ্যে যোৱা কেইদিনত পাগলদিয়া নদীৰ বাঢ়নী পানী আৰু প্ৰবল সোঁতে চলিকান্দা, বৰবিলা, উপৰচৰীয়া, কাদঙা, চৰণজংগল আদি অঞ্চল বুৰাই পেলোৱাৰ উপৰি বিভিন্ন অংশত প্ৰৱল খহনীয়াৰো সৃষ্টি কৰিছে। আজি দুদিনত শিমলুবাৰী গাঁৱত প্ৰায় ১০ টাতকৈ অধিক পৰিয়ালৰ বাসগৃহ, নাৰিকল-তামোল-পানৰ বাৰী নদীৰ বুকুত জাহ যোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

জিলাখনৰ কাউলি, শশীপুৰ, উত্তৰ গান্ধীবাৰী, দক্ষিণ গান্ধীবাৰী, লতিবাৰী, ভেৰভেৰী, গড়ভিতৰ, উজিৰখাট, চটাইবাৰী, জাৰতালুক, গোৱালবিলকে ধৰি কেইবাখনো গাঁও বুৰাই পেলাইছে পাগলাদিয়া, মটঙা, বাল্টি নদীয়ে। আজিও কেইবাটাও পথৰ ওপৰেৰে বাগৰিছে পানী। বিচ্ছিন্ন হৈছে কাউলী-তামুলপুৰ, গুৱাবাৰী-কাউলী, ধমধমা তামুলপুৰ, ধমধমা-ৰঙিয়া, গোৱালবিল-আঠিয়াবাৰী, গড়কাপ্টানি পথ৷

ইপিনে চেৰফাং সমষ্টিৰ অন্তৰ্গত বেটাগাঁৱত বৰনদীৰ বাঢ়নী পানীয়ে উটুৱাই লৈ যায় কেইবাটাও ঘৰ। নৈৰ বুকুত বহু কৃষিজীৱী লোকৰ বিঘা বিঘা মাটি জাহ গৈছে। মহকুমাটোৰ উত্তৰ গান্ধীবাৰী আৰু দক্ষিণ গান্ধীবাৰীতো দেখা গৈছে বানৰ সংহাৰী ৰূপ। উল্লেখ্য যে বিগত দুদিন ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত দৈনিক উফন্দি উঠিছে ভূটান সীমান্তৰ পৰা বৈ অহা পাগলাদিয়া, দৰঙা, বাল্টি, বৰ নদী৷ নৈখনৰ পানীয়ে বিগত সপ্তাহতো বহু ঠাইত বিস্তৰ ক্ষতিসাধন কৰিছিল৷

কিন্তু কালিৰ পৰা পুনৰ নৈৰ বাঢ়নী পানীয়ে বৃহত্তৰ অঞ্চলটো প্লাৱিত কৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ পানীয়ে বুৰাই পেলোৱাৰ লগতে পথসমূহেৰে পানী বাগৰাত বিচ্ছিন্ন হৈ পৰিছে যাতায়ত৷ শেহতীয়াভাবে ভূটান পাহাৰৰ পৰা বৈ অহা দৰঙা নৈয়েও ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় পথৰ দৰঙামেলা অঞ্চলত অৱস্থিত পকী দলঙৰ পশ্চিম দিশত সৃষ্টি হৈছে ভয়াৱহ খহনীয়া। এই খহনীয়াৰ ফলত ইতিমধ্যে কেইবাটাও পৰিয়ালৰ ভূমি জাহ গৈছে।

তদুপৰি চুবুৰীয়া ৰাষ্ট্ৰ ভূটান সংযোগী একমাত্ৰ ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় পথটোৰ দৰঙামেলাত দৰঙা নৈৰ ওপৰত থকা পকী দলংখনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। তৎকালীনভাবে খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে সম্প্ৰতি স্থানীয় ৰাইজে দাবী জনাইছে। জিলাখনত আজি যি হাৰত গৰাখহনীয়া আৰু বানৰ সংহাৰী ৰূপ অব্যাহত আছে, সেই একেই হাৰত গৰাখহনীয়া অব্যাহত থাকিলে গাঁৱৰ আৰু অধিক পৰিয়াল নদীৰ বুকুত জাহ যোৱাতো নিশ্চিত হৈ পৰিছে। ইপিনে চৰকাৰ কিম্বা বিভাগীয় কৰ্তৃপক্ষই বানাক্ৰান্তসকলৰ কোনো খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।