কেভিন পিটাৰছনৰ টুইটৰ প্ৰত্যুত্তৰ দি ঋষভ পন্তৰ পক্ষত থিয় হ’ল যুৱৰাজ সিং

 07/11/2019 - 20:26

ডিজিটেল ডেস্কঃ নিউজীলেণ্ডৰ হাতত পৰাস্ত হৈ বিশ্বকাপ ক্ৰিকেটৰ যাত্ৰা সামৰিলে ভাৰতে। ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰছনে ঋষভ পন্তৰ শ্বটক লৈ সমালোচনা কৰিছে। পীটাৰছনে টুইটাৰত লিখিছে – ''কিমান বাৰ আমি পন্তৰ এনে কৰা দেখিছো? এই কাৰণে তেওঁক আৰম্ভণিতে দলত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। দুখজনক।’’ পিটাৰছনৰ এই টুইটৰ পিছতে ঋষভ পন্তৰ পক্ষত থিয় হৈছে যুৱৰাজ সিং।

যুৱৰাজে পিটাৰছনৰ টুইটৰ প্ৰত্যুত্তৰ দি লিখিছে – ''পন্তে কেৱল আঠখন এদিনীয়া মেচ খেলিছে। এয়া তেওঁৰ ভুল নহয়, তেওঁ শিকিব আৰু ভাল হ’ব। এয়া কোনো দুখনজনক কথা নহয়। যিকি নহওক আমাৰ সকলোৰে মন্তব্য প্ৰকাশ কৰাৰ অধিকাৰ আছে।’’ যুৱৰাজ সিঙৰ প্ৰত্যুত্তৰৰ পিছতে পিটাৰছনে লিখিছে – মই এইবাবেই পন্তক সমালোচনা কৰিছো কাৰণ তেওঁ বহুত ভাল খেলে। তেওঁ কেইবাবাৰো এনেকুৱা কৰিছে। বিশ্বাস ৰাখিছো যে তেওঁ সোনকালে শিকিব। তাৰ পিছতে যুৱৰাজে লিখিছে যে মই সহমত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।