বৰপেটাৰ ধানবান্ধাত ৰাইজৰ প্ৰতিবাদ

 07/11/2019 - 20:28

বৰপেটাঃ বৰপেটা চহৰৰ সমীপৰ সনকুছি গৰেমাৰী পথৰ ধানবান্ধাত নিৰ্মাণ কৰি থকা দলঙখন নিৰ্মাণকাৰী সংস্থাৰ চূড়ান্ত হেমাহিৰ বাবে আজি স্থানীয় ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই পথটােৰ কাঠৰ দলঙখনৰ ঠাইত প্ৰায় ছয় মাহ পূৰ্বে পকী দলং নিৰ্মাণ কাৰ্যৰ কাম আৰম্ভ কৰিছিল যদিও দলঙখনৰ কাষেৰে এটি উপপথ বা অস্থায়ী দলং এখনাে নিৰ্মাণ নকৰিলে নিৰ্মাণকাৰী সংস্থাটােই৷

এনে মইমতালিৰ বাবে এতিয়া ভীষণ অসুবিধাত পৰিছে ছাত্ৰ ছাত্ৰী, স্থানীয় ৰাইজ আৰু পথটোৰে অহা যোৱা কৰা লোকসকল। ভুক্তভোগী ৰাইজে আজি প্ৰতিকুল বতৰকো নেওঁচি দলঙখনৰ কাষত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰতিবাদকাৰীসকলে জনায় যে, সনকুছি গৰেমাৰী পথৰ ধানবান্ধাত পূৰ্বৰ কাঠৰ দলঙখন ভাঙি পকী দলঙ নিৰ্মাণৰ কাম হাতত লােৱা সময়ত ৰাইজৰ সুবিধাৰ্থে উপপথ  বা অস্থায়ী দলং এখন নিৰ্মাণ কৰিবলৈ স্থানীয় ৰাইজে এম বি কনষ্ট্ৰাকচন নামৰ নিৰ্মাণকাৰী সংস্থাটোক কেইবাবাৰো অনুৰোধ জনাইছিল। কিন্তু ৰাইজৰ অনুৰোধক নিৰ্মাণকাৰী সংস্থাটোৱে কোনো গুৰুত্ব প্ৰদান নকৰিলে।

নিৰ্মাণকাৰী সংস্থাটোৰ এনে মইমতালিৰ বিষয়ে সবিশেষ জনাই আজি উক্ত স্থানত স্থানীয় ৰাইজে জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে। ঠিকাদাৰৰ এই ম‌ইমতালিৰ ক্ষেত্ৰত বিভাগীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা‌ই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।