এজাক বৰষুণতে জলমগ্ন শ্ৰীৰামপুৰৰ বাট-পথঃ ৰাইজৰ দুৰ্ভোগ

 07/11/2019 - 20:43

শ্ৰীৰামপুৰঃ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ শ্ৰীৰামপুৰ কলনীত এজাক বৰষুণতে জলমগ্ন হ’ল বাট-পথ ৷ উক্ত গাঁওখনৰ অধিকাংশ ঘৰৰ চোতাল পানীত বুৰ যোৱাৰ লগতে গাওঁখনৰ চাৰিটা পথ জলমগ্ন হৈ পৰাত ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে৷ একাঁঠু পানী গচকি পুৰুষ মহিলা তথা ছাত্ৰ-ছাত্ৰীয়ে উক্ত পথেৰে যাতায়াত কৰি যমৰ যন্ত্ৰণা ভুগিছে৷ গাঁওখনৰ সচেতন ৰাইজে অভিযোগ কৰা মতে আদৰ্শ বিটিচিৰ ৩ নং শ্ৰীৰামপুৰ সমষ্টিৰ অন্তৰ্গত উক্ত গাঁৱত বিগত ১৫ বছৰে কোনো উন্নয়নমূলক আঁচনি ৰূপায়িত হোৱা নাই।

যাৰ ফলত গাঁওখনৰ পথ-ঘাট বিধ্বস্ত হোৱাই নহয় বাৰিষা উক্ত পথসমূহ জলমগ্ন আৰু বোকাময়  হৈ পৰে৷ আনহাতে পানী নিষ্কাষনৰ বাবে কোনো ব্যবস্থা নথকাত বৰষুণ হ’লেই উক্ত চুবুৰিটো কৃত্ৰিম বানত বুৰ যায়। গাঁওখনৰ এই সমস্যা দূৰীকৰণৰ বাবে স্থানীয় ৰাইজে একাধিকবাৰ বিধায়ক, এমচিএলএ তথা শাসকীয় দলৰ নেতা-নেতৃক আবেদন নিবেদন জনোৱাৰ পাছতো অৱস্থাৰ কোনো পৰিবৰ্তন হোৱা নাই বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰে আৰু কয় যে অনাগত পৰিষদীয় নিৰ্বাচনত শাসক দলে ইয়াৰ উচিত প্ৰত্যুত্তৰ পাব৷ ভুক্তভোগী ৰাইজে পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে গাঁওখনৰ সমস্যা সমাধানৰ বাবে দাবী জনায়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।