চীনৰ চকীদাৰৰ চমক

 03/23/2019 - 16:04

ডিজিটেল ডেস্কঃ চাৰিওদিশে এতিয়া চকীদাৰৰ জোৱাৰ। চকীদাৰ শব্দটোৱে আজি বেছ কিছুদিন ধৰি চৰ্চা লাভ কৰি আহিছে। ছ’ছিয়েল মিডিয়াটো শব্দটোৱে লাভ কৰিছে ব্যাপক চৰ্চা। বিজেপিয়ে ২০১৯ৰ সাধাৰণ নিৰ্বাচনৰ শ্ল’গান হিচাপে বাছি লৈছে ‘ম্যে ভি চকীদাৰ’ শীৰ্ষক বাক্যশাৰী। বিজেপিৰ এই নিৰ্বাচনী শ্ল’গানৰ পাছতে সকলোতে চৰ্চিত বিষয় এতিয়া চকীদাৰ। শেহতীয়াকৈ চীনৰ এজন চকীদাৰে আন্তৰ্জাতিক পৰ্যায়ত শিৰোনাম দখল কৰিছে।

চীনৰ ৰাজধানী বেইজিঙত এটা বিশাল এপাৰ্টমেণ্টত দিনে-ৰাতিয়ে অৰ্থাৎ ২৪ ঘণ্টাই সুৰক্ষা প্ৰদান কৰে এই চকীদাৰজনে। মানুহৰ সুৰক্ষাৰ বাবে সদা সতৰ্ক তেওঁ। কোনো অচিনাকী লোক দেখিলে তৎক্ষণাত ফটোও মাৰি থয় চকীদাৰজনে।

এপাৰ্টমেণ্টলৈ অহা লোকৰ সৈতে কথা-বতৰা পতাৰ লগতে কোনো লোকে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে সংকেত ধ্বনিও বজাই এপাৰ্টমেণ্টৰ সকলোকে সৰ্তক কৰি দিয়ে। ২৪ ঘণ্টাই সুৰক্ষা প্ৰদান কৰা এই চকীদাৰজন আচলতে কোনো তেজ-মঙহৰ মানুহ নহয়। এই চকীদাৰ এটা ৰবটহে।

২০১৮ চনৰ পৰা ২০১৯ৰ চনৰ বৰ্তমানলৈকে এই ৰবটটোক লৈ পৰীক্ষা-নিৰীক্ষা চলাই আহিছে ‘বেইজিঙ এৰোস্পেছ অট’মেটিক কন্ট্ৰ’ল নামৰ এক প্ৰতিষ্ঠানে। প্ৰতিষ্ঠানটোৰ পৰিযোজনা নিৰ্দেশক লিয়ু গাঙ্গজুনে সংবাদমাধ্যমক জানিবলৈ দিয়ে যে- এই ৰবটটোৱে কেৱল সুৰক্ষা দিয়াই নহয়, বিভিন্ন বেআইনী কামৰো চিনাক্ত কৰিব পৰা ইয়াৰ ক্ষমতা আছে।

এই সকলোখিনিৰ উপৰিও সমধুৰ গান, গল্প,গাইয়ো মানুহক আকৃষ্ট কৰিব পাৰে ৰবটটোৱে। এই ৰবটটোৰ বতৰৰ আগজাননী প্ৰদান কৰিব পৰা বিশেষ ক্ষমতাও আছে। বৰ্তমান সমগ্ৰ বিশ্বৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই ৰবটটো।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.