গাওঁৰক্ষী বাহিনীৰ মাজত সা-সামগ্ৰী বিতৰণ

 07/11/2019 - 20:57

খাৰুপেটিয়াঃ দৰং জিলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত প্ৰকল্পত চোৰাং চিকাৰী বিৰোধী অভিযানত বন বিভাগ আৰু আৰক্ষীৰ সৈতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা গাঁওৰক্ষী বাহিনীৰ সদস্যসকলে বৰষুণ আৰু বাৰিষাৰ বতৰত কাৰ্যক্ষেত্ৰত সন্মুখীন হৈ অহা সাজ পোচাকজনিত সমস্যাৰ পৰা কিছু সকাহ দিয়াৰ লগতে তেওঁলোকক দায়িত্ব পালনৰ দিশত উৎসাহিত কৰাৰ চেষ্টা কৰে বেচৰকাৰী প্ৰকৃতি সংগঠন আৰণ্যকে।

  দৰং জিলা আৰক্ষী প্ৰশাসনৰ সহযোগত ৰাষ্ট্ৰীয় উদ্যানখনৰ দাতিকাষৰীয়া আৰু দলগাঁও আৰু শ্যামপুৰ থানাৰ অন্তৰ্গত মুঠ ৰৌমাৰী, খেৰণি, শ্যামপুৰ, ৰঙাগড়া আদি বহু কেইখন গাঁৱৰ মুঠ এশটা গাঁওৰক্ষী বাহিনীৰ মাজত একোটাকৈ টৰ্চ আৰু সদস্য সকলৰ মাজত এজোৰকৈ জোতা আৰু একোটাকৈ ৰেইন কোট বিতৰণ কৰা হয়।

এই উপলক্ষে ওৰাং বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত গাঁওৰক্ষী বাহিনীৰ দৰং জিলাৰ উপ উপদেষ্টা মুকুট শইকীয়াৰ সভাপতিত্বত বৃহস্পতিবাৰে অনুষ্ঠিত এক ৰাজহুৱা সভাত জিলা আৰক্ষী অধীক্ষক অমৃত ভূঞা, মঙলদৈ বন্যপ্ৰাণী সংমণ্ডলৰ সহকাৰী বন সংৰক্ষক অশোক দেৱচৌধুৰী, আৰণ্যকৰ মুখ্য কাৰ্যবাহী বিষয়া বিভৱ তালুকদাৰ, জ্যেষ্ঠ সাংবাদিক ভাৰ্গৱ কুমাৰ দাস, বনাঞ্চলিক বিষয়া ৰঞ্জন বৰুৱা আদি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত সা সামগ্ৰী বিতৰণৰ কাৰ্যসূচী শুভাৰম্ভ কৰে।

এই উপলক্ষে গাঁওৰক্ষী বাহিনীৰ সদস্যসকলক উদ্দেশ্যি দিয়া ভাষণত আৰক্ষী অধীক্ষক ভূঞাই জোতা, ৰেইন কোট, টৰ্চৰ দৰে সামগ্ৰীসমূহৰ বিতৰণ সময়োপযোগী হৈছে বুলি উল্লেখ কৰে আৰু বাৰিষাৰ বতৰত চোৰাং চিকাৰীৰ গতিবিধিৰ ওপৰত চোকা নজৰ ৰখাৰ ক্ষেত্ৰত গাঁওৰক্ষী বাহিনীৰ সদস্যসকলক যথেষ্ট উপকৃত কৰাৰ আশা প্ৰকাশ কৰে। আৰক্ষী অধীক্ষকগৰাকীয়ে বাৰিষাৰ সময়ত পথভ্ৰষ্ট হৈ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই যোৱা বা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা এটাও গঁড় যাতে চোৰাং চিকাৰৰ বলি নহয় সেয়া নিশ্চিত কৰাৰ বাবে বিশেষ সতৰ্কতা অৱলম্বন কৰিবলৈকো গাঁওৰক্ষী বাহিনীৰ লোকসকলক আহ্বান জনায়।

ইফালে সা-সামগ্ৰী গ্ৰহণৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত ৰৌমাৰী গাঁৱৰ ভিডিপি সচিব আব্দুল হাই, দুই নম্বৰ শ্যামপুৰৰ আমিৰ হামজা আদি হিতাধিকাৰীসকলে কয় যে এই সা-সামগ্ৰীসমূহে বৰষুণৰ বতৰত হাবিয়ে-বননিয়ে কঠিন পৰিস্থিতিত কাম কৰাৰ ক্ষেত্ৰত যথেষ্ট সকাহ দিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।