ছৈখোৱাত দুখন খয়েৰ কাঠভৰ্তি ট্ৰাক জব্দ

 07/11/2019 - 21:08

কাকপথাৰঃ ছৈখোৱা (ধলা)ত বন বিভাগে জব্দ কৰিছে দুখনকৈ মূল্যবান খয়েৰ (কাঠা) কাঠভৰ্তি ট্ৰাক৷ বন বিভাগৰ বিট অফিচৰ পৰা মাত্ৰ ১০০ মিটাৰ আঁতৰৰ এটা গেৰেজৰ পৰা জব্দ কৰে অবৈধ কাঠভৰ্তি ট্ৰাক দুখন৷ সুযোগ বুজি নিশা পাৰ কৰাই নিবলৈ ৰখাই থৈছিল ট্ৰাককেইখন৷ জানিব পৰা মতে জব্দ কৰা কাঠৰ গাড়ী দুখন কাঠ মাফিয়া ৰাজু মেধি আৰু বুলু আগৰৱালাৰ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।