গীতাৰ্থ গোস্বামীক বিজেপি সাংগঠনিক সচিব হিচাপে নিযুক্তি প্ৰদান

 07/11/2019 - 21:12

উত্তৰ গুৱাহাটীঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ তৃতীয় বৰ্গ প্ৰশিক্ষিত আজন্ম স্বয়ংসেৱক গীতাৰ্থ গোস্বামীক ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সাংগঠনিক সচিব হিচাপে নিযুক্তি প্ৰদান কৰিছে। উক্ত পদটো গেৰুৱা দলটোৰ অসম প্ৰদেশৰ সাংগঠনিক অনুক্ৰমত দ্বিতীয়টো শক্তিশালী পদ হিচাপে গণ্য কৰা হয়। জানিব পৰা মতে গোস্বামীয়ে বিজেপি অসম প্ৰদেশৰ সংগঠনৰ ভেটি সুদৃঢ় কৰাত সাংগঠনিক সাধাৰণ সম্পাদকক সহায় আগবঢ়াব। উজনি অসমত বিজেপিৰ সংগঠন মজবুত কৰিবলৈ তেওঁক বিশেষভাৱে দায়িত্ব অৰ্পণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত খবৰ অনুসৰি লক্ষীমপুৰৰ ঘৰমৰা সত্ৰৰ সত্ৰাধিকাৰৰ পৰিয়ালৰ পৰা অহা গীতাৰ্থ গোস্বামী এজন স্বয়ংসেৱক। বিগত কালছোৱাত গীতাৰ্থ গোস্বামী সংঘ পৰিয়ালৰ বিভিন্ন দায়িত্বত আছিল, যেনে গটনায়ক, মুখ্য শিক্ষক, শাখা কাৰ্য্যবাহ, মণ্ডল কাৰ্য্যবাহ, নগৰ কাৰ্য্যবাহ, তেহচিল কাৰ্য্যবাহ, জিলা সহ-শাৰিৰীক প্ৰমুখ, সংঘ বিস্তাৰক, বজৰং দলৰ আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সাংগঠনিক সম্পাদক ইত্যাদি। বজৰং দল আৰু বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকালত প্ৰতিবাদী কাৰ্যসূচীৰ কাৰণে তেওঁ কেইবাবাৰো গ্ৰেপ্তাৰ হৈছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।