বেবেজীয়াত কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান

 07/11/2019 - 21:17

বেবেজীয়াঃ "এতিয়া আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীয়েও এপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লাভ কৰিছে। পৰিৱৰ্তনৰ ধুমুহাই পূৰ্ব দিনৰ সকলো অভিলেখ তচ-নচ কৰি এখন সুস্থ, সৱল আৰু নিকা সমাজ ব্যৱস্থা হৈছে। পিছ দুৱাৰেদি চাকৰি লাভৰ দুৰ্নীতিমুক্ত এক বাতাৱৰণ সৃষ্টি হোৱাৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ মুখ্য কাম হৈছে অধ্যয়ন আৰু আত্মবিশ্বাস। নতুন প্ৰজন্মই সেই আশা লৈ আগবাঢ়ি আহিছে আৰু সমাজত আলোক সঞ্চাৰিত কৰিছে"-আজি বিজেপি দলৰ নগাঁও জিলাৰ অন্তৰ্গত বেবেজীয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তৰ উদ্যোগত বেবেজীয়া ভোগেশ্বৰ হাজৰীকা আদৰ্শ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানত উল্লিখিত মন্তব্য আগবঢ়ায় নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।

খাগৰিজান মণ্ডল বিজেপিৰ সভাপতি বকুল শইকীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানটিত বেবেজীয়া অঞ্চলটোৰ দুকুৰিৰো অধিক কৃতী ছাত্ৰ-ছাত্ৰীক বিধায়ক শৰ্মাৰ জৰিয়তে দলটোৰ স্থানীয় নেতা কৰ্মীৰ উপস্থিতত ফুলাম গামোছা, অভিনন্দন পত্ৰ আৰু কিতাপৰ টোপোলাৰে ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰা হয়। বেবেজীয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তৰ সভাপতি দিগন্ত কুমাৰ নাথে উদ্দেশ্য ব্যাখ্যা কৰা আৰু বিজেপি দলৰ নগাঁও জিলাৰ অন্যতম সাধাৰণ সম্পাদক দিগন্ত কুমাৰ ডেকাই আঁত ধৰা অনুষ্ঠানটিত কাছমাৰী জিলা পৰিষদৰ সদস্যা কাঞ্চন বৰদলৈ, বিদ্যালয়খনৰ অধ্যক্ষ পদ্ম কলিতা, বেবেজীয়া প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰাঞ্জল বৰদলৈ, ক্ৰীড়া সংগঠক উজ্জ্বল বৰুৱা, অনিল দাস, সমীৰ হাজৰিকা, ৰাজু গোস্বামী প্ৰমুখ্যে কৰি বহুকেইগৰাকী লোকে শৈক্ষিক দিশ সম্পৰ্কত বক্তব্য প্ৰদান কৰে। উল্লেখ্য যে তিৱা স্বায়ত্ত পৰিষদৰ উপাধ্যক্ষ বিদ্যুৎ বৰদলৈয়েও অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।