লাহৰীঘাটত বানঃ প্লাবিত অঞ্চল পৰিদৰ্শন প্ৰশাসনৰ

 07/11/2019 - 21:24

মৰিগাঁওঃ লাহৰীঘাটত ৰিং বান্ধ ছিঙি ভূৰাগাঁও ৰাজহ চক্ৰৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত। বানাক্ৰান্তৰ মাজত হাহাকাৰ। টেঙাগুৰি কছাৰী গাঁৱত পুৱাতে মথাউৰি ছিঙি যোৱাত নিজ গৃহত আৱদ্ধ হৈ আছে বানাক্ৰান্ত। মাথাউৰিৰ পৰিবৰ্তে ৰিং বান্ধ বনোৱাৰ ফলতেই বিস্তীৰ্ণ অঞ্চলৰ জনসাধাৰণে দুৰ্ভোগ ভোগ কৰিবলগীয়া হৈছে।

কিছু স্বাৰ্থলোভী ঠিকাদাৰে নিম্ন মানৰ কাম কৰাৰ ফলস্বৰূপেই এনে অৱস্থা হোৱা বুলি স্থানীয় ৰাইজৰ অভিযোগ। বানাক্ৰান্ত লোকসকলে সকলো হেৰুৱাই ৰাস্তাৰ কাষতে থিতাপি লোৱা পৰিলক্ষিত হৈছে। মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ লগতে আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি বানাক্ৰান্ত লোকসকলৰ বাবে শিবিৰৰ ব্যৱস্থা কৰাৰ কথা প্ৰকাশ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।