ভৱানীপুৰত বানপানীৰ ভয়ংকৰ তাণ্ডৱ

 07/11/2019 - 21:35

ভৱানীপুৰঃ বিগত কেইবাটাও দিন ধৰি হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত ৪১ ভৱানীপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ভৱানীপুৰৰ মাজেৰে বৈ যোৱা পহুমাৰা নদীৰ বাঢ়নী পানীয়ে ভৱানীপুৰৰ অৰ্ধ শতাধিক গাঁও প্লাবিত কৰিছে। বজালীৰ ভৱানীপুৰৰ নকুছী, মাধপুৰ, কহৰাপথাৰ, কুৰোবাহা আদি বহুসংখ্যক গাঁও বৰ্তমান পানীত বুৰ গৈছে। যিকোনা মুহূৰ্ততে ভৱানীপুৰ আৰু মাধপুৰ সংযোগী কাঠৰ দলংখন উটুৱাই নিয়াৰ আশংকা কৰিছে ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।