চাংসাৰিত পথ দুৰ্ঘটনাত নিহত পিতৃ-কন্যা

 07/12/2019 - 11:42

ডিজিটেল ডেস্কঃ কামৰূপৰ চাংসাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দ্ৰুতবেগী বাছে মহতিয়াই নিলে এখন ফৰচুনাৰ গাড়ী। এই দুৰ্ঘটনাত থিতাতে নিহত হয় ফৰচুনাৰখনৰ আৰোহী পিতৃ–কন্যাৰ।

ফৰচুনাৰখনৰ চালকজনো গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত। আহত চালকজনক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে। নিহত পিতৃ–কন্যাৰ নাম অজয় বসুমতাৰী আৰু মিৰালী বসুমতাৰী বুলি জানিব পৰা গৈছে।

কোকৰাঝাৰৰ পৰা গুৱাহাটীলৈ অহাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা। শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলজুৰি।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।