মানকাচৰৰ মজিদুৰ ৰহমানৰ হত্যাকাৰী মুকুল শ্বেখৰ মিথ্যাচাৰঃ ধুবুৰী আদালতত সাক্ষীক সজালে আচামী

 07/12/2019 - 11:55

গৌৰীপুৰঃ প্ৰায় দুবছৰ ধৰি ধুবুৰী আদালতত U/S-302 IPC আৰু Session Case 339/2018 নম্বৰৰ গোচৰ চলি থকা মানকাচৰৰ কালাপানীৰ মজিদুৰ ৰহমানৰ হত্যাকাৰী মুকুল শ্বেখে চলিত মাহৰ যোৱা ৬ তাৰিখে ধুবুৰী আদালতৰ সন্মুখত ষড়যন্ত্ৰ কৰি মজিদুুুৰ ৰহমানৰ হত্যাৰ প্ৰধান সাক্ষীক আচামী আৰু নিজকে সাক্ষী সজাই একাংশ সংবাদ মাধ্যমত প্ৰকাশ কৰা বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে মানকাচৰত। মানকাচৰ থানাৰ কালাপানী আৰক্ষী চকীৰ GR-636/2017 নম্বৰৰ গোচৰ অনুযায়ী মজিদুৰ ৰহমানৰ হত্যাৰ অভিযোগত মুকুল শ্বেখে তিনিমাহ জেল খাটিবলগীয়া হৈছিল আৰু চলিত মাহৰ যোৱা ৬ তাৰিখে গোচৰটোৰ অন্তিম ৰায়দানৰ তাৰিখ আছিল ধুবুৰী আদালতত।

কিন্তু আচামী মুকুল শ্বেখে হত্যাৰ অভিযোগৰ যাৱজ্জীৱন কাৰাদণ্ডৰ আগতীয়াকৈ উমান পাই পৰিকল্পিত ভাৱে ষড়যন্ত্ৰ কৰি নিজৰ শৰীৰক নিজে চুৰিৰে আঘাত কৰি মৃত মজিদুৰ ৰহমানৰ প্ৰধান সাক্ষী আব্দুল বাতেন, শ্বাহ আলমসহ কেইজনমানক আচামী সজাই আইনৰ পৰা বাচি যোৱাৰ ফন্দি ৰচিছে আৰু একাংশ সংবাদ মাধ্যমত ভুৱা বাতৰি প্ৰকাশ কৰিছে বুলি ভুক্তভোগী মৃত মজিদুুুৰ ৰহমানৰ অভিভাৱক আৰু প্ৰধান সাক্ষী আব্দুল বাতেনে সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে। আনহাতে, মজিদুৰ ৰহমানৰ হত্যাৰ অভিযোগত মুকুল শ্বেখক ন্যায়িক তদন্ত ক্ৰমে যাৱজ্জীৱন কাৰাদণ্ডৰ দাবী জনোৱাৰ লগতে চলিত মাহৰ যোৱা ৬ তাৰিখে ধুবুৰীত সংঘটিত হোৱা ঘটনাটো সম্পূৰ্ণৰূপে ষড়যন্ত্ৰ, মিছা বুলি ভুক্তভোগীয়ে মত প্ৰকাশ কৰে। বৰ্তমানেও এই ঘটনাৰ চাঞ্চল্য অব্যাহত আছে। দোষী উপযুক্ত শাল্তি বিহাৰ দাবী তুলিছে অঞ্চলবাসীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।