গোৰেশ্বৰৰ বালাহাটীত নদীত গা ধুবলৈ গৈ পানীত পৰি নিখোজ কিশোৰী

 07/12/2019 - 12:11

গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত বালাহাটীৰ চতিয়াপাৰাত এগৰাকী ১৬ বছৰীয়া কিশোৰী পানীত পৰি নিখোজ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰামতে গুৱাহাটীৰ জুৰোড তিনিআলিৰ বাসিন্দা ৰাকেশ ডেকাৰ কন্যা তথা ৰাজগড় হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী ৰিংকী ডেকা মাক আৰু পৰিয়ালৰ সদস্যৰ সতে গোৰেশ্বৰ বালাহাটীৰ মামাক অমৰ বিশ্বাসৰ ঘৰলৈ আইতাকৰ আদ্য শ্ৰাদ্ধৰ বাবে আহিছিল৷

বুধবাৰে বিয়লি প্ৰায় একমান বজাত গেৰুৱা নৈত পিণ্ড দি আহি পুনৰ অইন ছয়জনী ছোৱালীৰ সতে ৰিংকী গেৰুৱা নৈত গা ধুবলৈ গৈ হঠাৎ পানীত নিখোজ হৈ পৰে৷ ইয়াৰ পিছতে সমনীয়া কেইজনে সকলোকে অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে ছোৱালী জনীক উদ্ধাৰৰ বাবে চেষ্টা চলাই যদিও এতিয়ালৈকে কোনো অনুসন্ধান লাভ কৰা নাই| এতিয়া ৰাইজৰ অভিযোগ প্ৰশাসনে যদিহে এছডিআৰএফ আৰু ডুবাৰুৰ সংখ্যা বঢ়াই তেতিয়া হয়টো সহজতে উদ্ধাৰ কৰিব পাৰিব নিখোজ হোৱা ছোৱালীজনীক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।