দুলীয়াজান কছাৰী পথাৰত কিশোৰীৰ মৃতদেহ উদ্ধাৰ

 07/12/2019 - 12:28

দুলীয়াজানঃ দুলীয়াজানৰ উপকণ্ঠ অঞ্চল ২নং কছাৰী পথাৰৰ পৰা আজি উদ্ধাৰ হয় এগৰাকী ১৫ বছৰীয়া কিশোৰীৰ মৃতদেহ। অঞ্চলটোৰ এটা পুখুৰীৰ পৰা উদ্ধাৰ হোৱা মৃতদেহটো স্থানীয় আজাতি বিনজুৱাৰ কন‍্যা মুস্কান বিনজুৱাৰ বুলি চিনাক্ত কৰা হৈছে। জানিব পৰামতে কিশোৰীগৰাকী যোৱা ৯ জুলাই পৰা সন্ধানহীন হৈ আছিল। কিশোৰীগৰাকীয়ে ঘটনাৰ দিনা সহোদৰৰ সৈতে কাজিয়াত লিপ্ত হোৱাত পিতৃয়ে ধমকি দিছিল অলপ।

সেই ঘটনাৰ পাছতেই কিশোৰীগৰাকী সন্ধানহীন হৈ আছিল। এনেতে আজি নিচেই পুৱাতে স্থানীয় পুখুৰী এটাত কিশোৰীগৰাকীৰ মৃতদেহ উপঙি থকা প্ৰত্যক্ষ কৰি গাঁৱৰ ৰাইজে লগে লগে দুলীয়াজান আৰক্ষীক অৱগত কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় মেডিকেললৈ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।