দুলীয়াজানত ভয়াৱহ পথ দুৰ্ঘটনাঃ গুৰুতৰভাৱে আহত ৪ যুৱক

 07/12/2019 - 12:39

দুলীয়াজানঃ দুলীয়াজানত সংঘটিত এক পথ দুৰ্ঘটনাত চাৰি গৰাকী ব্যক্তি গুৰুতৰ ভাৱে আহত হয়। ঘটনা অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া দুলীয়াজানৰ ৬ নম্বৰ তিনিআলিৰ সমীপত দুখন বিপৰীত দিশৰ পৰা অহা মটৰ চাইকেলৰ সংঘৰ্ষ হয়। এ এচ ০৬ এন-৬২৯৪ হিৰ’ হাঙ্ক আৰু এ এচ ২৩ এল-৫৮০০ নম্বৰৰ য়ামাহা এফ জেদ এচ এ এচ বাইক দুখনৰ মুখামুখি সংঘৰ্ষ লাগে।

এই দুৰ্ঘটনাৰ ফলত দুলীয়াজানৰ কৃষ্ণ নগৰৰ মুনীন্দ্ৰ ফুকনৰ পুত্ৰ জিতুল ফুকন(২৪) দুলীয়াজান টিপলিঙৰ দিলীপ চাংমাইৰ পুত্ৰ উজ্জ্বল চাংমাই(২৫) নাহৰকটীয়াৰ বালিঘাটৰ হাৰাধন দত্তৰ পুত্ৰ সঞ্জু দত্ত(২৮) আৰু ভীম ছেত্ৰীৰ পুত্ৰ বিশাল ছেত্ৰী (২৩)গুৰুতৰভাৱে আহত হয়। আহত কেউজনকে তাৎক্ষণিকভাৱে অইল ইণ্ডিয়া চিকিৎসালয়লৈ নিয়া হয় যদিও কেউজনকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।