বিশ্বকাপ ক্ৰিকেটৰ দ্বিতীয় ছেমি ফাইনেলত জয়ী ইংলেণ্ড

 07/12/2019 - 13:09

ডিজিটেল ডেস্কঃ আইচিচি ক্ৰিকেট বিশ্বকাপ ২০১৯ৰ দ্বিতীয়খন ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ইংলেণ্ডৰ জয়। ৮ উইকেটত জয়ী হ’ল ইংলেণ্ড।

প্ৰথমে বেট ধৰি ৪৯ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰিছিল ২২৩ ৰান। ৩২.১ অভাৰতে এই লক্ষ্যত উপনীত হৈ সহজেই জয়ী হ’ল ইংলেণ্ড।

ইংলেণ্ডৰ ক্ৰিছ ৱাকছে ৮ অভাৰত ২০ ৰান দি ৩ টা উইকেট দখল কৰি মেন অৱ দ্য মেচৰ খিতাপ লাভ কৰে।

দেওবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত অৱতীৰ্ণ হ’ব ইংলেণ্ড।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।