বাক্সা জিলাৰ কেইবাখনো গাঁও এতিয়া জলমগ্ন

 07/12/2019 - 13:22

গোৰেশ্বৰঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাৰ কেইবাখনো গাঁও এতিয়া জলমগ্ন হৈ পৰিছে| পুঠিমাৰী, দেওচুঙা, শুক্লাই নৈৰ বাঢ়নী পানীয়ে বুৰালে দহখনতকৈ অধিক গাঁও৷ কেইবাখনো গাঁৱৰ বাসগৃহ, খেতিপথাৰ বাঢ়নী পানীয়ে প্লাৱিত কৰাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে| ভূটান পাহাৰৰ পৰা বৈ অহা শুক্লাই, পুথিমাৰী নদীৰ সীমান্তৱৰ্তী অঞ্চলটোৰ বহুকেইখন গাঁও এতিয়া জলমগ্ন হৈ পৰিছে।

চেনীগাওঁ, ঔবাৰী, বাঙলীপাৰা, উপৰখুঁটি, দেওচুঙা আদিকে ধৰি সীমান্তৱৰ্তী ওদালগুৰি জিলাৰো নাওবান্ধা, উত্তৰ নাওবান্ধা আদিকে ধৰি বহুকেইখন গাঁও পানীত বুৰ যোৱাৰ ফলত আতংকিত হৈ পৰিছে গঞা ৰাইজ। তৎসত্বেও এতিয়ালৈ কোনো সুবিধা দিয়া নাই স্থানীয় জনপ্ৰতিনিধি তথা জিলা প্ৰশাসনে।

অঞ্চলটোত বহুকেইটা পৰিয়ালৰ ঘৰ সম্প্ৰতি পানীত বুৰ যোৱাত ওখ ঠাইত আশ্ৰয় লবৰ বাবে নিজেই কল গছেৰে আহি আশ্ৰয় লৈছে লগতে সমীপৰে বৈ যোৱা নাওবান্ধা আৰু শুক্লাই নৈয়ে প্ৰৱল খহনীয়াৰ সৃষ্টি কৰিছে। ক্ৰমাৎ বিপদ সীমাৰ ওপৰেৰে বৈ আছে ভাৰত ভূটান সীমান্তৰ পৰা বৈ অহা পুঠিমাৰী নদীৰ পানী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।