খাৰুপেটিয়াঃ দৰঙৰ মঙলদৈ সমষ্টিৰ ওঝাগাঁৱৰ টাংনি নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিলে যাতায়াতৰ একমাত্ৰ বাহৰ সাঁকো। উল্লেখযোগ্য যে সমষ্টিটোৰ অন্তৰ্গত বৃহত্তৰ চৰাঞ্চল- ওঝাগাঁও, ধূলা সংযোগী পথত থকা টাংনি নৈৰ ওপৰত ৰাইজে নিজৰ ধনেৰে নিৰ্মাণ কৰিছিল এখন বাহৰ সাঁকো। বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত টাংনি নৈৰ বাঢ়নি পানীয়ে উটুৱাই লৈ যায় যাতায়তৰ একমাত্ৰ সাঁকােখন।
ফলত বিচ্ছিন্ন হৈ পৰে অঞ্চলটােৰ যাতায়ত ব্যৱস্থা। অঞ্চলটােৰ যাতায়াতৰ কােনা বিকল্প ব্যৱস্থা নথকাত একাংশ লােকে নৈখন সাঁতুৰি পাৰ হয় যদিও আন একাংশ দুঃসাহসী লোকে ঢৌত তুলি শিশুসকলক পাৰ কৰিছে নৈখন। অৱশ্যে পৰৱৰ্তী সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হস্তক্ষেপত নৈপৰীয়া ৰাইজে কলগছৰ ভুৰ সাজি যাতায়ত অব্যাহত ৰাখিছে।
এই সন্দৰ্ভত মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসক অঞ্চলটোৰ হাজাৰ হাজাৰ লোকৰ যাতায়ত বাবে বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে দৰং জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক খয়বৰ মণ্ডল আৰু ধুলা আঞ্চলিক সমিতিৰ সভাপতি মাহাবুৰ ৰহমানে।