মডেল বিটিচিৰ ফোপোলাস্বৰূপঃ কাউলী-কুমাৰীকাটা সংযোগী মূল পথৰ দুৰৱস্থাই জীয়াতু ভুগাইছে ৰাইজক

 07/12/2019 - 13:54

তামুলপুৰঃ প্ৰাক স্বাধীনোত্তৰ কালতো বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অধীনৰ নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অন্তৰ্গত কাউলী-কুমাৰীকাটা সংযোগী মূল পথৰ কোনো উন্নয়ন সাধন নোহোৱাত জীয়াতু ভুগিব লগা হৈছে হেজাৰ হেজাৰ হেজাৰ লোকে। নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অন্তৰ্গত বৃহত্তৰ কাউলী অঞ্চলৰ প্ৰায় ৩৫ হেজাৰেৰো অধিক লোকে ব্যৱহাৰ কৰা সদাব্যস্ত তথা গুৰুত্বপূৰ্ণ কাউলি-কুমাৰীকাটা গড়কাপ্টানি পথটোত সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ বাবেই অঞ্চলটোৰ হেজাৰ হেজাৰ জনতাই সীমাহীন দুৰ্ভোগ ভূগি আহিছে।

সদা ব্যস্ত কাউলি-কুমাৰীকাটা পথটোৰ মাজ মজিয়াৰে বৈ যোৱা মটঙা নৈৰ ওপৰত আজিও দলং এখন নিৰ্মাণ নোহোৱাত বাৰিষা কালত প্ৰতি বছৰে জ্বলা কলা খাই আহিছে অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজ, কৃষক, ছাত্ৰ-ছাত্ৰী তথা ৰোগীসকল। বাৰিষাৰ সময়ছোৱাত ভূটান পাহাৰৰ পৰা বৈ অহা খৰস্ৰোতা মটঙা নৈৰ পানীয়ে ঠায়ে ঠায়ে প্ৰবল গৰাখহনীয়া সৃষ্টি কৰি আহিছে। শ-শ কৃষকৰ কৃষি ভূমিও নাফিৰ বুকুত জাহ গৈছে।

মটঙা নৈৰ ২০১১ চনৰ বলীয়া বানে সেই সময়ত নৈৰ দুই পাৰ সংযোগৰ বাবে দলং-কালভাৰ্ট নিৰ্মাণ কাৰ্যৰ বাবেও নদীৰ ওপৰত বহুওৱা হিউম পাইপ উটুৱাই লৈ গৈছিল। দলং মেৰামতিৰ কাৰ্য আৰম্ভ হোৱাৰ কিছু দিন পূৰ্বেই হঠাৎ বন্ধ হৈ পৰা বৃহৎ আকাৰৰ ৰিং আদি এতিয়াও বহু ঠাইত পোত খাই আছে। ভাৰত স্বাধীন হোৱাৰ পৰা আজিলৈ এই নৈখনৰ ওপৰত দলং এখন নিৰ্মাণ হৈ নুঠাত প্ৰতি বছৰে বাৰিষাৰ সময়ত কাউলী, কুমাৰীকাটা, দৰঙামেলা, তামুলপুৰ আদি বহুতো ঠাইৰ সৈতে যোগাযোগ বিছিন্ন হৈ পৰে অঞ্চলটোৰ।

দলং নিৰ্মাণৰ নামত নৈখনৰ মাজত কেইটামান খুঁটাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰি ৰহস্যজনকভাবে বন্ধ কৰি দিয়া হৈছিল নিৰ্মাণ কাৰ্য্য। আজিও কেইটামান পকী খুঁটাৰ অস্তিত্ব সাক্ষী হিচাপে ৰৈ আছে নদীৰ বুকুত। আজিও বাস্তৱ ৰূপত নিৰ্মাণ নহ’ল দলং আৰু হাগ্ৰামা মহিলাৰীৰ প্ৰতিশ্ৰুতি মাথোঁ প্ৰতিশ্ৰুতি হৈ ৰ’ল। নদীৰ দলং নথকাৰ উপৰি জৰাজীৰ্ণ তথা সংকটজনক পথে গভীৰ সংকট নমাই আনিছে অঞ্চলটোৰ চিকিৎসা ক্ষেত্ৰখনলৈও।

মন কৰিবলগীয়া যে দলং নথকাৰ বাবে আৰু জৰাজীৰ্ণ পথৰ বাবে একাধিক কিশোৰ-কিশোৰী, গৰ্ভৱতী মহিলাক চিকিৎসালয়লৈ নিয়াৰ মাজপথতে মৃত্যু ঘটিছে। তথাপিও অঞ্চলটোৰ ৰাইজে মটঙা নৈৰ ওপৰত দলং নিৰ্মাণৰ বাবে চৰকাৰক তথা গড়কাপ্টানি বিভাগক বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো নিৰ্মাণ নহ’ল দলং। নাগ্ৰীজুলি বিটিচি পৰিষদীয় সমষ্টিৰ কাউলী-কুমাৰীকাটা ৰাইজৰ একমাত্ৰ গুৰুত্বপূৰ্ণ পথটোৰ উন্নয়ন সাধন কৰিবলৈ ৰাইজে দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।