ডিজিটেল ডেস্কঃ বিশ্বকাপ ক্ৰিকেটৰ ছেমি ফাইনেলত ভাৰতৰ জয়যাত্ৰা স্তব্ধ হোৱাৰ পাছত মহেন্দ্ৰ সিং ধোনিক বহুতেই ছ'চিয়েল মিডিয়াত ট্ৰল দিয়া দেখা গ’ল। ভাৰতীয় ক্ৰিকেট জগতলৈ ধোনিৰ অৱদানক স্বীকাৰ কৰি ধোনিৰ পক্ষত থিয়ও হ’ল ক্ৰিকেটৰ অলেখ অনুৰাগী। এনে সময়তে ভাৰতীয় ক্রিকেট তাৰকা এম এছ ধােনিক সাহসৰ সমৰ্থন আগবঢ়াইছে ভাৰতৰ জীৱন্ত কিংবদন্তি স্বনামধন্য গায়িকা লতা মংগেশকাৰে।
গুণীয়েহে বুজে গুণীৰ মূল। লতা মংগেশকাৰে ধোনিক এতিয়াই অৱসৰ নল'বলৈ অনুৰোধ জনাইছে। ক্রিকেটপ্রেমী হিচাপে সুপৰিচিত, ৮৯ বছৰীয়া সুৰ সম্রাজ্ঞীগৰাকীয়ে টুইটাৰযােগে কয়- ''এম এছ ধােনিজী, নমস্কাৰ! তুমি অৱসৰ ল'বা বুলি শুনিবলৈ পাইছো। অনুগ্রহ কৰি এতিয়াই এনে ধৰণৰ কথা মনলৈ নানিবা। দেশক এতিয়াও প্রয়োজন তোমাৰ খেলৰ। গতিকে মই অনুৰোধ জনাইছো, ক্রিকেটৰ পৰা অৱসৰ লোৱা ধৰণৰ চিন্তা-ভাৱনাবােৰক তুমি যাতে প্রশ্রয় নিদিয়া!’’
এগৰাকী মহান ক্ৰিকেটাৰৰ প্ৰতি এগৰাকী কিংবদন্তি গায়িকাৰ উপযুক্ত সমৰ্থন তথা সন্মানে দেশজুৰি চৰ্চা লাভ কৰিছে।