হাজােত পুঠিমাৰী নৈৰ সংহাৰী ৰূপ

 07/12/2019 - 14:05

হাজােঃ ৰাজ্যখনত কেইবাদিন ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত পুঠিমাৰী নৈৰ বাঢ়নি পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে। হাজোৰ পুঠিমাৰী নৈৰ ওপৰত থকা কাঠৰ দলংখন আজি উটুৱাই নিয়ে তাণ্ডৱ বানে। ফলত উত্তৰ আৰু দক্ষিণপাৰৰ যাতায়াত সংযােগ বিচ্ছিন্ন হৈ পৰে।

বৰ্তমান নৈপৰীয়া লােকৰ মাজতাে আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে। জানিব পৰা মতে ৫০ খনতকৈ অধিক গাওঁ এতিয়া বানৰ কবলত পৰিছে। বানৰ এই সংহাৰীৰূপৰ বাবে অঞ্চলবাসীৰ স্বাভাৱিক জীৱন-যাপন ব্যহত হৈ পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।