যোগীঘোপাত গৰাখহনীয়াঃ অস্তিত্বৰ সংকটত ঐতিহাসিক পাচনীয়া-মোহনপুৰঃ নদীৰ বুকুত জাহ গ’ল কোটি টকীয়া পাৰ্কুপাইন

 07/12/2019 - 14:08

যোগীঘোপাঃ ব্ৰহ্মপুত্ৰ, বেঁকী আৰু মানাহ নৈৰ গৰাখহনীয়াই সম্প্ৰতি কালৰূপ ধাৰণ কৰিছে বঙাইগাঁও জিলাৰ যোগীঘোপাত। নদীকেইখনে অঞ্চলটোৰ বিশেষকৈ পাচনীয়া আৰু মোহনপুৰ সংহাৰী ৰূপ ধাৰণ কৰিছে। ব্ৰহ্মপুত্ৰ, বেঁকী আৰু মানাহ নদীয়ে বিগত কেইবাবছৰ ধৰি অব্যাহত ৰখা ভয়ংকৰ গৰাখহনীয়াত ইতিমধ্যে মোহনপুৰ গাঁৱৰ অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ-বাৰীৰ নিশ্চিহ্ন কৰিছে। শ-শ বিঘা কৃষি ভূমিৰ লগতে পাচনীয়া গো-চৰণীয়া পথাৰৰ বৃহৎ অংশ ভূমিও নৈৰ বুকুত বিলীন হৈছে।

পূৰ্বৰ দৰে বৰ্তমানেও নদীকেইখনে সংহাৰী ৰূপ অব্যাহত ৰখাত নিদ্ৰাহৰণ হৈছে নৈপৰীয়া শ শ পৰিয়ালৰ। খহনীয়াৰ আতংকত একাংশ নৈপৰীয়া লোকে সম্প্ৰতি নিৰাপদ ঠাইলৈ ঢাপলি মেলিছে। খহনীয়াৰ তাণ্ডৱ দিনক দিনে বৃদ্ধি পাই থকাত মোহনপুৰৰ লগতে ঐতিহাসিক পাচনীয়া গাঁৱৰ প্ৰতিও তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। নদীকেইখনে পাচনীয়া প্ৰথম খণ্ডৰ দুশ বছৰীয়া পুৰণি মহামায়া মন্দিৰৰ প্ৰতিও তীব্ৰ সংকটৰ সৃষ্টি কৰিছে।

খহনীয়া ৰোধৰ বাবে চৰকাৰ তথা প্ৰশাসনে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে অচিৰেই এই পুৰণি মন্দিৰটো নদীৰ বুকুত জাহ যাব যে সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। ইপিনে মোহনপুৰ আৰু পাচনীয়াৰ ভয়াৱহ খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে বিগত বৰ্ষত ৰূপায়ন কৰা ১১.৫৭ কোটি টকীয়া পাৰ্কুপাইন বান্ধৰো সম্প্ৰতি কোনো অস্তিত্ব নাইকিয়া হৈ পৰিছে। নদীৰ খহনীয়াই ইতিমধ্যে নিশ্চিহ্ন কৰিছে পাৰ্কুপাইনসমূহ।

উল্লেখ্য যে জলসম্পদৰ বিষয়া, অভিযন্তা আৰু ঠিকাদাৰে মিলি সীমাহীন দুৰ্নীতি-অনিয়মৰ আশ্ৰয় লোৱা বাবেই উক্ত আঁচনি সঠিকভাবে ৰূপায়ন হোৱা নাছিল। বিভাগটোৱে সম্পূৰ্ণ পৰিকল্পনাবিহীনভাবে আৰু বিজ্ঞানসন্মতভাবে পাৰ্কুপাইন স্থাপন নকৰাৰ ফলত সম্প্ৰতি তাত পাৰ্কুপাইনৰ কোনো অস্তিত্ব পাবলৈ নাই। বিগত কেইটামান দিন ধৰি খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰাত তীব্ৰ আতংকত বিনিদ্ৰ ৰজনী পাৰ কৰিব লগা হৈছে ঐতিহাসিক পাচনীয়া-মহনপুৰ গাঁৱৰ বাসিন্দাসকল।

আনকি আতংকগ্ৰস্ত একাংশ লোকে ঘৰ-মাটি এৰি ইতিমধ্যে নিৰাপদ ঠাইত আশ্ৰয় গ্ৰহণ কৰিছে। স্থানীয় বিধায়ক তথা অভয়াপুৰী দক্ষিণ বিধান সভা সমষ্টিৰ বিধায়ক অনন্ত মালোয়েও মহনপুৰবাসীৰ এনে দুৰ্দশা সন্দৰ্ভত খবৰ নোলোৱাত ৰাইজে বিধায়কগৰাকীৰ ওপৰতো তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে। আনপিনে গৰাখহনীয়া লগতে বানপানীৰ কালৰূপ। কি উজনি, কি নামনি, এতিয়া সকলোতে বানপানীৰ সংহাৰী ৰূপ।

বিগত কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণৰ ফলত যোগীঘোপাত বেকী, মানাহ, ব্ৰহ্মপুত্ৰ আৰু চম্পা নৈৰ বাঢ়নী পানীৰে ভৰি পৰিছে। যোগীঘোপাত বানত প্লাৱিত হৈছে বহুকেইখন ৰাজহ গাঁও। ন ন গাঁও এতিয়া বানৰ কবলত পৰাৰ খবৰ আহিছে। যোগীঘোপাৰ মহনপুৰ, পাচনীয়া, মালেগড়, ঔডুবী, খেলুৱাপাৰা, গাছপাৰা আদি গাঁও এতিয়া বানৰ কবলত। বৰ্তমানলৈকে নামনি অসমত বান পৰিস্থিতি বিশেষ উদ্বেগজনক হৈ পৰা নাই যদিও ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰে ওফন্দি উঠিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।