পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে দলং

 07/12/2019 - 14:17

কামৰূপঃ হাজোৰ বানৰ ভয়াবহ ৰূপ। ফেনে ফুটুকাৰে বাঢ়িছে পুঠিমাৰী নৈ। পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে উটুৱাই লৈ গ’ল কাঠৰ দলং। পুঠিমাৰী নৈৰ ওপৰত থকা বৰ্ণি-বচৰলি সংযোগী কাঠৰ দলংখন কিছু সময় পূৰ্বে উটুৱাই লৈ গ’ল বলিয়া বানে। ইয়াৰ পাছতে হাহাকাৰ লাগিছে বৰ্ণি আৰু বৰছলিৰ প্ৰায় ৫০ খন গাঁৱৰ লোকৰ।

যোগাযোগ বিচ্ছিন্ন হৈ পৰিল বৰ্ণি-বৰছলি অঞ্চলৰ ৰাইজৰ। প্ৰতি মুহূৰ্ততে বাঢ়িছে পুঠিমাৰী নৈৰ পানী। যাৰ বাবে নৈ পৰিয়া লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই দলংখন উটুৱাই নিয়াৰ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিল উত্তৰ আৰু দক্ষিণ পাৰৰ লোকৰ যাতায়ত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।