বানৰ কবলত মধ‍্য অসম

 07/12/2019 - 14:20

হোজাইঃ ৰাজ্যত এতিয়া কালৰূপ ধাৰণ কৰিছে বানপানীয়ে। উজনি আৰু নামনি অসমৰ পিছত বানে এইবাৰ কালৰূপ ধাৰণ কৰিছে মধ‍্য অসমত। এইবাৰ বানৰ কৱলত হোজাইৰ কেইবাখনো গাঁও। কপিলীৰ বাঢ়নী পানীয়ে জলমগ্ন কৰিছে শ'লমাৰী, কুমৰাকটা, ৰায়কটা, কেন্দ্ৰগুৰি, বালিৰাম পথাৰ আদিকে ধৰি কেইবাখনো গাঁও। যিকোনো মুহূৰ্ততে বানে ভয়ংকৰ কালৰূপ ধৰিব পাৰে হোজাইত। হাজাৰ হাজাৰ বিঘা কৃষিভূমি এতিয়া পানীৰ তলত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।