বানে ভাঙিলে বজালীৰ পহুমাৰা নৈৰ ওপৰত অৱস্থিত পকী দলং

 07/12/2019 - 14:43

বজালীঃ বজালীৰ ভৱানীপুৰ, পাঠশালা আদিৰ বিভিন্ন অঞ্চলত বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত অৱস্থাত আছে। ভৱানীপুৰ অঞ্চলৰ নকুছী, মাধপুৰ, কহৰাপথাৰ, কুৰোবাহা, মাজগাওঁ আদিৰ লগতে পাঠশালা, নিত্যানন্দ আদি অঞ্চলাে বানত প্লাৱিত হৈছে।

ইতিমধ্যে কেইবাটাও গড়কাপ্তীনি পথৰ ওপৰেৰে পহুমাৰা আৰু পল্লা নৈৰ পানী বাগৰি যাতায়ত ব্যৱস্থা ব্যাহত কৰিছে। ইপিনে বজালী মহকুমাৰ অতি ব্যস্ত বামাখাটা কেন্দুগুৰি গড়কাপ্তানি পথৰ পহুমাৰা নৈৰ ওপৰত অৱস্থিত পকী দলংখনৰ এটা মূৰ পহুমাৰা নৈৰ বাঢ়নি পানীয়ে খহাই লৈ যায়।

অঞ্চলটােৰ  লােকসকল  অধিক সংকিত হৈ পৰিছে আৰু চৰকাৰক এই ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহন কৰিবলৈ আহ্বান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।