নিউজ লাইভৰ DSNG ভানৰ চালকক আক্ৰমণ

 07/12/2019 - 15:32

ডিজিটেল ডেস্কঃ যোৰহাটত পুনৰ আক্ৰমণৰ বলি হল সংবাদ প্ৰতিষ্ঠানৰ গাড়ীচালক। কাৰ্যালয়ৰ পৰা ঘূৰি অহাৰ পথত দুজন দুৰ্বৃত্তই আক্ৰমণ চলাই নিউজ লাইভৰ গাড়ী চালক অজয় লাগৰীক।

ঘটনাৰ বিৱৰণী অনুসৰি প্ৰথমে দুৰ্বৃত্তই তেওঁক ধন দাবী কৰে। কিন্তু তেওঁ দাবী কৰা ধন দিবলৈ অমান্তি হোৱাত জোৰকৈ মানিবেগ কাঢ়ি বেগটোৰ পৰা নিউজ লাইভৰ পৰিচয় পত্ৰখন লয় আৰু অজয়ক উপৰ্যুপৰি প্ৰহাৰ কৰে।

সমগ্ৰ ঘটনা সন্দৰ্ভত অজয় লাগৰীয়ে দোষীক চিনাক্ত কৰি পুলিবৰ আৰক্ষীক গোচৰ ৰুজু কৰিছে যদিও এতিয়ালৈকে আৰক্ষীয়ে দোষীক কৰায়ত্ত কৰিবলৈ কোনো ধৰণৰ ব্যবস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।