ৰহাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত দুই

 07/12/2019 - 15:47

ৰহাঃ ৰহাত পুৱতি নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত নিহত নৈশ বাছৰ চালক আৰু হেন্দিমেন। ৰহাৰ শালমৰাত ৩৭নং ৰাষ্ট্ৰীয় পথৰ ওপৰত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। জানিব পৰা মতে তিনিচুকীয়াৰ পৰা গুৱাহাটী অভিমুখে আহি থকা AS 01 GC 2933 নম্বৰৰ নেটৱৰ্ক নামৰ নৈশবাছখনৰ ৰহাৰ শালমৰাত যান্ত্ৰিক বিজুতি ঘটে।

নৈশ বাছখন পথৰ কাষত ৰখাই চালক আৰু হেন্দিমেনে বাছখন মেৰামতিৰ বাবে বাছখনৰ পাছফালে যাওঁতেই একে দিশে আহি থকা এখন দ্ৰুতবেগী ট্ৰাকে নৈশ বাছখনৰ পিচফালে প্ৰচণ্ড খুন্দা মাৰে। ফলত বাছখনৰ পাছফালে থকা চালক আৰু হেন্দিমেন দুয়োজন থিতাতে নিহত হয়। নিহত চাকজনৰ নাম অৰবিন্দ মিশ্ৰ আৰু হেন্দিমেনজনৰ নাম পাপু চেতিয়া বুলি জানিব পৰা গৈছে। বাছখনত থকা আন দুজন লোকো আহত হোৱা বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।