বজালীত অপৰিৱৰ্তিত বান পৰিস্থিতি

 07/12/2019 - 16:02

বজালীঃ বজালীৰ ভৱানীপুৰ, পাঠশালা আদিৰ বিভিন্ন অঞ্চলৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত অৱস্থাত আছে। ভৱানীপুৰ অঞ্চলৰ নকুছী, মাধপুৰ, কহৰাপথাৰ, কুৰোবাহা, মাজগাঁও আদিৰ লগতে পাঠশালা, নিত্যানন্দ আদি ন ন অঞ্চল বানত প্লাবিত হৈছে। ইতিমধ্যে কেইবাটাও গড়কাপ্টানি পথৰ ওপৰেৰে পহুমাৰা আৰু পল্লা নৈৰ পানী বাগৰি যাতায়ত ব্যৱস্থা ব্যাহত হৈছে।

ইপিনে বজালী মহকুমাৰ অতি ব্যস্ত বামাখাটা কেন্দুগুৰি গড়কাপ্টানি পথৰ পহুমাৰা নৈৰ ওপৰত অৱস্থিত পকী দলংখনৰ এটা মূৰ পহুমাৰা নৈৰ পানীয়ে খহাই নিছে। যাৰ ফলত স্থানীয় ৰাইজ শংকিত হৈ চৰকাৰক এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।