মালিগাঁৱৰ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ত চিবিআইৰ অভিযান

 07/12/2019 - 16:08

গুৱাহাটীঃ চিবিআই-এ মহানগৰীৰ মালিগাঁওস্থিত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ত চলালে অভিযান। বিজ্ঞাপনৰ নামত ১৫৮ কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ দিৰ্ঘদিনীয়া অভিযোগ উত্থাপিত হৈ আহিছে ৰে’লৱেৰ নিৰ্মাণ সংস্থাৰ বিৰুদ্ধে।

ৰে’লৱেৰ নিৰ্মাণ বিভাগৰ কেইবাগৰাকীও জনসম্পৰ্কৰক্ষী বিষয়াক সোধা–পোছা কৰে অভিযানকাৰী দলটোৱে। অভিযানত বহু নথি-পত্ৰ জব্দ কৰে চিবিআইয়ে। কেইবা ঘণ্টা ধৰি ৰে’লৱেৰ কাৰ্যালয়ত চলিল চিবিআইৰ এই অভিযান। উল্লেখ্য যে ৰে’লৱেৰ নিৰ্মাণ বিভাগৰ ১৪টাকৈ স্থানত অভিযান চলালে চিবিআইয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।