নটৰাজ নৃত্য একাডেমীৰ সৌজন্যত নৃত্য প্ৰশিক্ষণ শিবিৰ

 07/12/2019 - 16:08

লখিমপুৰঃ লখিমপুৰৰ নটৰাজ নৃত্য একাডেমীয়ে যােৱা ৮ জুলাইৰ পৰা ১৭ জুলাই তাৰিখলৈকে নৃত্য কৰ্মশালা তথা প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছে। উক্ত শিবিৰটি অনুষ্ঠিত হয় লখিমপুৰ নগৰৰ নকাড়ী ৰেলৱে ক’লনীৰ প্ৰেক্ষাগৃহত।

মুখ্য প্ৰশিক্ষক হিচাপে ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ দিয়ে জনপ্ৰিয় নৃত্য পৰিচালক তথা অভিনেতা অসীম বৈশ্যৰ লগতে স্থানীয় নৃত্য প্ৰশিক্ষকে। এই নৃত্য প্ৰশিক্ষণ শিবিৰৰপৰা কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীক বাচনি কৰি প্ৰশিক্ষক অসীম বৈশ্যই প্ৰতিযোগিতাৰ বাবে মুম্বাইলৈ নিয়াৰ পৰিকল্পনা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।