কামৰূপৰ ধূহিত এজনক হানি-খুছি হত্যা

 03/23/2019 - 18:18

ডিজিটেল ডেস্কঃ কামৰূপৰ ধূহিত এক হত্যাকাণ্ডক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে আচিফ আলী নামৰ লোক এজনক হানি-খুছি হত্যা কৰে আবুল আলী আৰু ইছলাম আলীয়ে৷ ব্যক্তি দুগৰাকীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলি উত্তেজিত ৰাইজে অভিযুক্তৰ ঘৰ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে ঘৰৰ আচবাব ভাঙি চূৰ-মাৰ কৰে৷

লগতে জ্বলাই দিলে চাৰিচকীয়া বাহন সহ তিনিখন বাইক৷ অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত আন এঘৰত অগ্নিসংযোগ কৰে ৰাইজে৷

ঘটনাস্থলীত উচ্চ পদস্থ বিষয়াসহ আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।