জলমগ্ন চামগুৰি সমষ্টিৰ লাওখোৱাৰ বিস্তৃৰ্ণ অঞ্চল

 07/12/2019 - 16:09

চামগুৰিঃ ফেনে ফুটুকাৰে বাঢ়িছে মহাবাহু ব্ৰহ্মপুত্ৰ। জলমগ্ন হৈ পৰিছে চামগুৰি সমষ্টিৰ লাওখোৱাৰ বিস্তৃৰ্ণ অঞ্চল। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ বৰ্ধিত জলপৃষ্ঠই আজি তৃতীয় দিনাও লাওখোৱা ৪নং ভগামুখত সৃষ্টি কৰিছে অবৰ্ণনীয় পৰিস্থিতি। দুদিন ধৰি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ কৱলত পৰি সৰ্বস্বান্ত হোৱা চামগুৰিৰ ৪নং ভগামুখত বৰ্তমানেও অপৰিবৰ্তিত হৈ আছে বান পৰিস্থিতি। বানপানীৰ কবলত পৰিছে এতিয়া ৪নং ভগামুখৰ বিদ্যালয়, বাসগৃহৰ লগতে ইখনৰ পাছত সিখনকৈ গাঁও।

ক্ষতিগ্ৰস্ত হৈছে তিনিৰ পৰা চাৰি হাজাৰ লোক। ব্যাহত হৈ পৰিছে যাতায়ত, পকী পথেৰ ওপৰেৰে নাও চলাই অঞ্চলটোৰ একাংশ লোকে যাতায়ত কৰাৰ বিপৰীতে একমাত্ৰ সাৰথিস্বৰূপ নাওখনেৰেই ভুক্তভোগী বন্যাৰ্তই ঢাপলি মেলিছে নিৰাপদস্থানলৈ। কিন্তু বৰ্তমান পৰ্যন্ত কাণসাৰ নাই জলসম্পদ বিভাগৰ। লাওখোৱাৰ ৪নং ভগামুখৰ বানপীড়িতৰ কাষত উপস্থিত হোৱা নাই জলসম্পদ বিভাগৰ কোনো বিষয়া-কৰ্মচাৰী। ইয়াৰ ফলত এতিয়া চৰম শংকাত ভূগিছে লাওখোৱা ৪নং ভগামুখৰ ৰাইজ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।