বানৰ কবলত বোকাখাতৰ বহু গাঁও

 07/12/2019 - 16:58

বোকাখাতঃ বোকাখাতৰ কিছু গাঁও বৰ্তমান বানৰ কবলত ডুব গৈছে। বৰ্তমান যাতায়তৰ ব্যৱস্থা বিচ্ছিন্ন হোৱাৰ লগতে ৰাস্তা, ঘৰ-বাৰী পানীৰ তলত বুৰ গৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় ঘাইপথতো বানৰ ফলত যাতায়ত ক্ষেত্ৰত ব্যাঘাত জন্মিছে। বোকাখাতৰ ডিফলু পথাৰ, চহ'লা দীঘলীআটি, যুগনিআটি, মৰিয়াহোলা, নিকৰিঘাট, বৰাইখোৱা চাপৰি, হাহঁচৰা, ধণশিৰিমুখ, মহোৰাৰ লগতে প্ৰায় ২৫-৩০ খন গাঁও বৰ্তমান বানৰ কবলত পৰিছে। গাঁৱৰ ৰাইজে নিজ নিজ বয়-বস্তু ওখ ঠাইলৈ স্থানান্তৰ কৰিছে।

গৰু-ছাগলী, হাহঁ-কুকুৰাৰ লগতে মানুহ বৰ্তমান পানীৰ মাজত আছে। নীপকোৱে ৰঙানদী বিদুৎ প্ৰকল্পৰ বৃহৎ নদী বান্ধ খুলি দিয়াৰ পিছত সমগ্ৰ ৰাজ্য পানীৰ তলত জাহ গৈছে। জানিব পৰা মতে কাৰ্বি আংলং জলবিদ্যুৎ প্ৰকল্পই খুলি দিছে দুটাকৈ বান্ধ। তদুপৰি পুনৰ এটা বান্ধ খুলি দিয়াৰ সম্ভাৱনা জাৰি কৰিছে কাৰ্বি আংলং জিলা প্ৰশাসনে। বোকাখাত প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ৰাইজে ক্ষোভ উজাৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।