ৰাজ্যত বানৰ বিভীষিকাঃ পুঠিমাৰী নৈৰ বুকুত আবদ্ধ ৩০ টাৰো অধিক পশুধন

 07/12/2019 - 17:07

তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অধীনৰ উত্তৰাঞ্চলৰ উপৰি ভূটান পাহাৰত একেলেঠাৰীয়ে কেইবাদিন ধৰি হৈ থকা প্ৰৱল বৰষুণৰ ফলত ভূটান পাহাৰৰ পৰা বৈ অহা আটাইকেইটা পাহাৰীয়া নদীয়ে এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। মহকুমাটোৰ অধীনৰ গুৱাবাৰীৰ পুঠিমাৰী নৈৰ পানীয়ে প্ৰৱল গৰাখহনীয়াৰ সৃষ্টি হোৱাত বহু পৰিয়ালৰ ঘৰ-দুৱাৰ, তামোল-নাৰিকলৰ বাগিচা নদীৰ বুকুত জাহ গৈছে। বিগত দহ বছৰত শতাধিক পৰিয়াল গৃহহাৰা হোৱাৰ উপৰি বহু কৃষি ভূমি নদীৰ বুকুত জাহ গৈছে।

ইপিনে যোৱা চাৰি দিন পূৰ্বে পুঠিমাৰী নৈৰ চৰত কৃষক ৰাইজে গৰু এৰাল দি অহাৰ পিছত হঠাৎ পাহাৰীয়া নৈখনৰ পানী বৃদ্ধি পোৱাত পুঠিমাৰী নৈৰ মাজত যোৱা ৪ দিনে আৱদ্ধ হৈ আছে ৩০ টাৰো অধিক গৰু। অঞ্চলটোৰ কৃষিজীৱী লোকে যোৱা চাৰি দিন আগতে পুৱা নদীৰ মাজত গৰু এৰাল দি ঘৰলৈ উভতি অহাৰ পিছতে হঠাৎ পুঠিমাৰী নৈত ফেনে ফুটুকাৰে পানী বাঢ়ি অহাত নৈৰ বুকুত আৱদ্ধ হৈ পৰে গৰুকেইটা। সম্প্ৰতি গৰুকেইটা উদ্ধাৰ কৰিবলৈ বাক্সা জিলা গোর্খা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক মাধৱ ছেত্ৰী আৰু বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন, বাক্সা জিলাৰ সাধাৰণ সম্পাদক পৰিমল শীলৰ নেতৃত্বত স্থানীয় লোকে চেষ্টা চলাই আছে যদিও এই পৰ্যন্ত ব্যৰ্থ হৈছে স্থানীয় ৰাইজ।

মাধৱ ছেত্ৰীয়ে সাংবাদিকক জনোৱা মতে গৰুকেইটা উদ্ধাৰৰ ব্যৱস্থা ল’বলৈ নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন দাসৰ লগত যোগাযোগ কৰাৰ উপৰি বাক্সা জিলা প্ৰশাসনৰ লগতো যোগাযোগ অব্যাহত ৰাখিছে। ইতিমধ্যে নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন দাসৰ নেতৃত্বত এটা আৰক্ষীৰ দল গৈ গুৱাবাৰীত পুঠিমাৰী নৈৰ পাৰত উপস্থিত হৈ আবদ্ধ হৈ থকা গৰুকেইটা উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে যদিও বাতৰি লিখাৰ পৰলৈকে উদ্ধাৰ কৰিব পৰা নাই গৰুকেইটা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।