সুখবৰঃ তীৰ্থযাত্ৰীৰ বাবে নতুন ৰে’ল সেৱা

 07/12/2019 - 17:22

মৰিয়নীঃ অসমৰ তীৰ্থযাত্ৰীৰ বাবে সুখবৰ। ভাৰতীয় ৰে’লৰ কেটাৰিং আৰু পৰ্যটন বিভাগে চমুকৈ IRCTC গুৱাহাটীৰ পৰা নতুনকৈ আৰম্ভ কৰিছে তীৰ্থ ভ্ৰমনৰ বাবে এক নতুন ৰে’ল সেৱা। গংগা স্নান ভাৰত দৰ্শন নামৰে পৰ্যটকৰ বাবে মুকলি কৰা এই ৰে’লখনত দৈনিক ৯৪৫ টকা ব্যয়ৰে ৮ দিন ৯ নিশা যাত্ৰা কৰিব পৰাৰ লগতে থকা-খোৱা কৰিব পাৰিব।

তীৰ্থ যাত্ৰীসকলে মুখ্যতঃ হৰিদ্বাৰ, ঋষিকেশ, বাৰানসী ভ্ৰমণ কৰিব পাৰিব। মৰিয়নিত আয়োজিত সংবাদমেলত এই কথা জানিবলৈ দিয়ে IRCTCৰ গুৱাহাটীস্থ মাণ্ডলিক প্ৰবন্ধক অনুজ দত্তই। উল্লেখ্য যে অহা ২৬ আগষ্টত গুৱাহাটীৰ পৰা প্ৰথমখন ৰে’লে তীৰ্থ যাত্ৰীসকলক লৈ পুৰী অভিমুখে যাত্ৰা আৰম্ভ কৰিব। আনহাতে ভাৰতৰ লগতে বিদেশৰ বিভিন্ন পৰ্যটন স্থলীসমূহ পৰিদৰ্শনৰ বাবেও ভাৰতীয় ৰে’ল বিভাগে লোৱা বিভিন্ন পদক্ষেপৰ বিষয়েও সংবাদমেলত প্ৰকাশ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।