07/12/2019 - 17:52
in
কামপুৰঃ এক কৰুণ দৃশ্য। নিজৰ প্ৰাণ বচাবলৈ ঘৰৰ মূধচত আশ্ৰয় এটা পৰিয়ালৰ৷ ৰাজ্যৰ চৌদিশে বৰ্তমান বানৰ সংহাৰী ৰূপ, যেনিয়েই চোৱা যায় কেৱল পানী আৰু পানী। কামপুৰত পানীৰ মাজত এটা বাসগৃহ। কামপুৰ ৰাজহ চক্ৰৰ প্ৰায় ৩০ খনৰো অধিক গাঁও বৰ্তমান জলমগ্ন, বানত বহু লোক হৈ পৰিছে জলবন্দী৷ বানৰ কবলৰ পৰা ৰক্ষা পাবলৈ কচুৱাৰ হাটীখুটিৰ এটা পৰিয়ালে ঘৰৰ মূধচৰ চালিত আশ্ৰয় লৈছে কণ কণ শিশুসহ এগৰাকী মহিলাই।
মহিলাগৰাকীৰ স্বামী কৰ্মসূত্ৰে থাকে কেৰালাত৷ নাই কোনো আশ্ৰয় স্থল, নাই কোনো খোৱাৰ সুবিধা। কেৱল কণ কণ শিশুকেইটাক বুকুত সাৱটি নিজৰ জীৱন ৰক্ষা কৰিছে পৰিয়ালটোৱে৷ নিশা বৰপানী নৈৰ প্ৰবল সোঁতে হাটিখুটিৰ মথাউৰিৰ ৫০ মিটাৰ খহাই নি বিস্তৃৰ্ণ অঞ্চল প্লাবিত কৰিছে যদিও এই পৰ্যন্ত অঞ্চলটোত উদ্ধাৰৰ বাবে উপস্থিত হোৱা নাই প্ৰশাসনৰ লোক৷