সুখবৰঃ ই-কমাৰ্চ মাৰ্কেটত বেংক অব্ বৰোডাৰ এণ্ট্ৰি

 07/12/2019 - 18:04

ডিজিটেল ডেস্কঃ বেংক অব্ বৰোডা গ্ৰাহকসকলৰ বাবে সুখবৰ। যিসকল লোকৰ বেংক অব্ বৰোডাত বেংক একাউণ্ট আছে সেইসকল লোকৰ বাবে সুখবৰ। কাৰন ই কমাৰ্চত এণ্ট্ৰি মাৰিব বেংক অব্ বৰোডাই। বেংকৰ কৰ্তৃপক্ষই জনোৱা মতে বেংক অব্ বৰোডাৰ গ্ৰাহকসকলে এতিয়াৰ পৰা লাভ কৰিব পাৰিব সকলো অনলাইন সুবিধা।

অনলাইন শ্বপিঙৰ পৰা ধৰি লোণ, ইঞ্চুৰেন্স আদি সকলো সুবিধা লাভ কৰিব পাৰিব বুলি জনায়। লগতে এই কথাও কয় ''আমি গ্ৰাহকক প্ৰতিদিনে সকলো সা-সুবিধা তথা অনলাইনৰ জড়িয়তে সকলো সুবিধা দিবলৈ অতি গুৰুত্ব সহকাৰে যত্ন কৰি আছো।''

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।