ৰঙিয়াঃ আজি ৰঙিয়া বনগাঁৱস্থিত সামূহিক চিকিৎসালয়ত বিশ্ব জনসংখ্যা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা জনসংখ্যা নিয়ন্ত্ৰণ পষেকৰ শুভ উদ্বোধনী হয়। জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সজাগতা অনাৰ উদ্দেশ্যে চিকিৎসালয়খনৰ চিকিৎসক-কৰ্মচাৰীৰ লগতে আশা কৰ্মীসকল উপস্থিত থাকে এই উদ্বােধনত। উক্ত অনুষ্ঠানটিত চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডাঃ দিলীপ বৈশ্যই ভাষণ প্ৰসঙ্গত কয়- আশা কৰ্মীসকলে যিহেতু প্ৰত্যক্ষভাৱে গ্ৰাম্যাঞ্চলৰ মহিলাসকলৰ লগত জড়িত হৈ থাকে গতিকে আশা কৰ্মীসকলে জন্ম নিয়ন্ত্ৰণ ৰোধ কৰাৰ ক্ষেত্ৰত ল’বলগীয়া ব্যৱস্থাসমূহ অতি সহজে মহিলাসকলক বুজাই দিব পাৰিব।
বিশ্বৰ ভিতৰত চীন দেশত জনংখ্যাৰ হাৰ অধিক আছিল। কিন্তু বৰ্তমান সময়ত চীনৰ দৰে এনে এখন দেশে জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰটো কিছু কঠোৰ ভূমিকা গ্ৰহণ কৰাৰ ফলত চীনত এতিয়া জনসংখ্যা হাৰ দ্ৰুতগতিত কমিবলৈ লৈছে। যাৰ ফলত চীন দেশ সকলো ফালৰপৰা আগবাঢ়িবলৈ লৈছে। ঠিক তেনেদৰে আমাৰ ভাৰত চৰকাৰেও জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ ভুমিকা গ্ৰহণ কৰাটাে উচিত বুলি ভাষণ প্ৰসঙ্গত ডাঃ বৈশ্যই বুজাই কয়।
লগতে বিশ্ব জনসংখ্যা দিৱসৰ ১১ জুলাই দিনটোত ই এক বিশেষ দিন হিচাপে উদযাপন কৰি জন্ম নিয়ন্ত্ৰণৰ বাবে ভাৰত তথা অসম চৰকাৰে প্ৰয়াস কৰি বাস্তৱত ৰূপায়িত কৰা প্ৰয়ােজন বুলি চিকিৎসক গৰাকীয়ে উল্লেখ কৰে। ১১ জুলাইৰ পৰা ২৪ জুলাইলৈ আনুষ্ঠিত হ’বলগীয়া জন্ম নিয়ন্ত্ৰণ পষেক অনুষ্ঠানটোৰ বিশেষ ভূমিকা লোৱা স্বাস্থ্য বিভাগৰ জন্ম নিয়ন্ত্ৰণৰ কোষৰ (ফেমেলি প্লেনিং কাউঞ্চিল)ৰ দায়িত্বত থকা কৰ্মচাৰী অনিমা বেগমে অনুষ্ঠানটোত উপস্থিত থকা মহিলা তথা আশা কৰ্মীসকলক উদ্দেশ্যি গুৰুত্বপূৰ্ণ ভাষণ ৰাখে।
বেগমে তেওঁৰ ভাষণৰ মাজেৰে মহিলাসকলে জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ল’বলগা ব্যৱস্থাসমূহৰ বিষয়ে অতি সহজ ভাষাত সকলোকে বুজাই দিয়ে। অনুষ্ঠানটোত উপস্থিত থকা স্বাস্থ্যকৰ্মী কুঞ্জলতা দাসেও জনসংখ্যা ৰোধ নকৰিলে আমাৰ ভৱিষ্যত কি হ’ব আৰু আমি কেনেদৰে ভয়াবহ সমস্যাৰ সন্মুখীন হ’ব লাগিব সেই বিষয়ে তেঁওৰ বক্তব্যত প্ৰকাশ কৰে।
অহা ১৯ জুলাইত বিশ্ব জনসংখ্যা দিৱসৰ লগত সংগতি ৰাখি চিকিৎসালয়খনত এক বন্ধ্যাকৰণ শিবিৰৰ আয়োজন কৰা হৈছে বুলি চিকিৎসালয়খনৰ জন্ম নিয়ন্ত্ৰণ কোষৰ দায়িত্বত থকা অনিমা বেগমে সংবাদ মাধ্যমক জানিব দিয়ে।