ডি ভোটাৰ সমস্যা সম্পৰ্কে আম আদমী পাৰ্টিৰ সংবাদ মেল

 07/12/2019 - 18:46

বৰপেটাঃ বৰপেটা জিলা আম আদমী পাৰ্টিৰ জিলা সমন্বয়ক ফাৰুক খানৰ নেতৃত্বত বৰপেটা জিলা ডিজিটেল সাংবাদিক সন্থাৰ অস্থায়ী কাৰ্য্যালয়ত আজি এক সংবাদ মেল অনুষ্ঠিত হয়। মূলতঃ ডি ভোটাৰ সমস্যা সন্দৰ্ভত বৰপেটা জিলা আম আদমী পাৰ্টিৰ জিলা সমন্বয়ক ফাৰুক খানে কিছু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

প্ৰায় ৩ লাখ ৭০ হাজাৰ লোকক বিদেশী ন্যায়াধীকৰণে তথ্য নোহোৱাকৈ নামৰ আগত "ডি" লগোৱা বুলি অভিহিত কৰে। সংবাদ মেলৰ জৰিয়তে ফাৰুক খানে আৰটিআইৰ যোগেৰে "ডি" ভোটাৰৰ সম্পূৰ্ণ তথ্য আহৰণ কৰিব বুলি জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।