লোনৰ ধাৰ পৰিশোধ কৰিব নোৱাৰি তিতাবৰত দম্পত্তিৰ আত্মহত্যা

 07/12/2019 - 19:09

তিতাবৰঃ বন্ধন গোট আৰু উজ্জীৱন গোটৰ পৰা লোন লৈ ঋণ পৰিশোধ কৰিব নোৱাৰি অৱশেষত চৰম মৃত্যুক আঁকোৱালি ল'লে তিতাবৰৰ দুৰ্ভগীয়া দৰিদ্ৰ দম্পত্তিয়ে। ঘটনাটো সংঘটিত হৈছে তিতাবৰ বান্দৰচলিয়া আৰক্ষী চকীৰ অন্তৰ্গত কপৌহুৱা অঞ্চলত। আজি দিনৰ ভাগত অঞ্চলটোৰ পোণা শইকীয়া(৬৫) আৰু পত্নী পেছাত এগৰাকী আশা কৰ্মী গুণদা শইকীয়া(৫০)ই একেলগে ঘৰৰ দৰজা বন্ধ কৰি এটি প্লাষ্টিকৰ বটলত থকা ৰাসায়নিক সাৰজাতীয় দ্ৰব্য সেৱন কৰি আত্মহত্যা কৰে।

দুপৰীয়াৰ ভাগত দুগৰাকী সতীৰ্থ আশা কৰ্মীয়ে ইতিপূৰ্বে মৃত্যু হোৱা আশা কৰ্মী গুণদা শইকীয়াক লগ কৰিবলৈ আহোতে ঘৰৰ দৰজা বন্ধ থকা দেখা পাই ভিতৰলৈ লক্ষ্য কৰাত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে। উল্লেখযোগ্য যে দুৰ্ভগীয়া দৰিদ্ৰ দম্পত্তিৰ দুয়োজন পুত্ৰ কৰ্মসূত্ৰে মুম্বাই আৰু গুৱাহাটীত থাকে। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰিয়েই দম্পত্তিয়ে এনে কৰুণ ঘটনা সংঘটিত কৰে। সম্প্ৰতি আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে। ঘটনাটোৱে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।