07/12/2019 - 19:15
in
হাইলাকান্দি: গৰা খহনীয়াই এতিয়া কালৰূপ ধাৰণ কৰিছে হাইলাকান্দি জিলাত। কাটাখাল নদীৰ ভয়াৱহ খহনীয়াৰ কবলত পৰিছে কালাচৰাবাসী। কালাচৰা অঞ্চলৰ লােকসকলৰ পৰিস্থিতি বৰ্তমান ভয়াবহ হৈ পৰিছে। কাটাখাল নদীৰ বাঢ়নি পানীয়ে উটুৱাই লৈ গৈছে অৰ্দ্ধ শতাধিক লােকৰ ঘৰ-দুৱাৰ।
প্ৰতি বছৰে বাৰিষাৰ বতৰত এই ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে স্থানীয় লােকসকল। কাটাখালৰ ভয়াবহ পানীয়ে বৰ্তমান অঞ্চলবাসীৰ নিদ্ৰা হৰণ কৰিছে। এই ভয়াৱহ পৰিস্থিতিৰ কথা স্থানীয় লােকসকলে জিলা প্ৰশাসনক অৱগত কৰায়।