07/12/2019 - 19:32
in
দেৰগাঁওঃ দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলত ব্ৰহ্মপুত্ৰৰ প্ৰবল বান। ব্ৰহ্মপুত্ৰৰ বানৰ ফলত বুৰ গৈছে ২০খনৰো অধিক গাঁও। জলমগ্ন হৈ পৰিছে বিস্তৃত অঞ্চলৰ লগতে ৩০০ হেক্টৰ কৃষি ভূমি। সম্পূৰ্ণৰূপে যোগাযোগ বিচ্ছিন্ন হৈছে প্ৰায় কুৰি খনৰো অধিক গাঁও। চৰাইচাপৰি, শিৰিচটিকা, সদাৰ, চমুৱা, হলাবোৱা, নতুন-চাপৰি, মিচিং গাঁও আদিকে ধৰি কুৰিখনৰো অধিক গাঁও সম্পূৰ্ণৰূপে জলমগ্ন হোৱাৰ ফলত জলবন্দী হৈ পৰিছে শ শ পৰিয়াল। বৰ্তমানেও তীব্ৰ গতিত বাঢ়ি থকা ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নি পানীৰ ফলত ন ন অঞ্চল ডুব যোৱাৰ সম্ভাৱনা আছে।