আমগুৰি সমষ্টিৰ দিখৌমুখৰ ৰূপহীমুখত জলবন্দী তিনিশটা পৰিয়াল

 07/12/2019 - 20:14

আমগুৰিঃ ক্ৰমাৎ জটিল হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি। আমগুৰি সমষ্টিৰ দিখৌমুখৰ ৰূপহীমুখত জলবন্দী তিনিশটা পৰিয়াল ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হৈ থকাৰ বাবে নিতৌ বানে প্লাৱিত কৰিছে ন ন অঞ্চল। আজি পুৱাৰে পৰা প্লাৱিত হৈছে দিখৌমুখৰ বৃহত্তৰ অঞ্চল।

ব্ৰহ্মপুত্ৰপুত্ৰৰ বানৰ কবলত দিখৌমুখ বৰআলি মিচিং গাঁও, ৰূপহীমুখ কুমাৰ গাঁও ,ৰূপহীমুখ মিচিং গাঁও, তেলীয়াডোঙাকে ধৰি কেইবাখনো গাঁৱৰ পাঁচশতাধিক লোক। বহিঃ বিশ্বৰ পৰা যোগাযোগ বিচিন্ন হৈ পৰিছে ৰূপহীমুখ কুমাৰ গাঁও, ৰূপহীমুখ মিচিং গাঁৱৰ তিনি শতাধিক পৰিয়াল। জিলা প্ৰশাসনৰ ফালৰ পৰা বান বিধস্ত অঞ্চলসমূহত বান সাহায্য নোপোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।