এনকেফেলাইটিছত আক্ৰান্ত হৈ জাজৰিত এজনৰ মৃত্যু

 07/12/2019 - 21:21

বটদ্ৰৱাঃ সমগ্ৰ ৰাজ্যখনতে এনকেফেলাইটিছ জ্বৰত আক্ৰান্ত হৈ কেইবাগৰাকী লোকে মৃত্যুক আঁকোৱালি লোৱাৰ সময়তে নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত হাতীচোং কমাৰচুকৰ এগৰাকী লোকে আজি মৃত্যুক সাৱটি লয়। গোলাপ দাস (৬৭ ) নামৰ লোকজন কেইদিনমান আগত এই ৰোগত আক্ৰান্ত হৈছিল আৰু গুৱাহাটী জিএমএইচচি হাস্পতালত চিকিৎসাধীন হৈ আছিল।

আজি বিয়লি প্ৰায় ৩ মান বজাত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। ভাৰতীয় ৰে’ল বিভাগত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰা গোলাপ দাসে মৃত্যুৰ সময়ত দুজন পুত্র, দুই কন্যা আৰু পত্নীৰ লগতে বহু আত্মীয়ক এৰি থৈ যায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।