মন গ’লেই বঢ়াব নোৱাৰিব ভাড়াঃ ঘৰৰ মালিক আৰু ভাড়াতীয়াৰ সম্পৰ্কৰ সন্দৰ্ভত নতুন নিয়ম প্ৰৱৰ্তন

 07/12/2019 - 21:24

ডিজিটেল ডেস্কঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে বাজেট ভাষণত ঘৰৰ মালিক আৰু ভাড়াতীয়াৰ সম্পৰ্কৰ সন্দৰ্ভত নতুন নিয়ম প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰিছে। সঘনাই মালিক আৰু ভাড়াতীয়াৰ মাজত লাগি থকা সংঘাত দূৰ কৰিবলৈকে এই পদক্ষেপ লোৱা হৈছে। সীতাৰমনৰ মতে, মালিক আৰু ভাৰাতীয়াৰ বিত্তীয় সম্পৰ্ক আৰু অধিকাৰক নতুন ৰূপ দিয়া হ’ব।কি থাকিব নতুন আইনত :

১.নতুন আইন অনুসৰি ঘৰৰ মালিকে ৩ মাহতকৈ অধিক ছিকিউৰিটী ডিপ’জিট ল’ব নোৱাৰিব।

২.ঘৰ খালী কৰাৰ সময়ত এমাহৰ ভিতৰত ছিকিউৰিটীৰ ধন ওভতাই দিব লাগিব।

৩.মন গ’লেই বঢ়াব নোৱাৰিব ভাড়া।

৪.ঘৰৰ নৱীকৰণৰ পিছতহে মালিকে বৃদ্ধি কৰিব পাৰিব ভাড়া।

৫.ভাড়াতীয়াৰ ঘৰলৈ অহাৰ ২৪ ঘণ্টা পূৰ্বে মালিকে ন’টিচ দিব লাগিব ভাড়াতীয়াক।

৬.মালিক–ভাড়াতীয়াৰ কাজিয়াক লৈ আদালতৰ সলনি বিশেষ ন্যায়াধীকৰণ স্থাপন কৰা হ’ব।

৭.ভাড়াতীয়াই ঘৰটো আনক ভাড়ালৈ দিব নোৱাৰিব।

বিত্তমন্ত্ৰীয়ে বাজেট ভাষণত কয় যে নতুন আইন অনুসৰি নিজৰ ইচ্ছামতে মালিকে কৰা ভাৰা বৃদ্ধিৰ লগতে ভাৰাতীয়াৰ আন সমস্যাসমূহ ৰোধ কৰিব পৰা যাব। এই আইনত ঘৰৰ মালিকৰ অধিকাৰৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হ’ব।

এই নতুন ভাৰাতীয়া আইনৰ চূড়ান্ত ৰূপ দি ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা হ’ব। নতুন আইন অনুসৰি নিজৰ ইচ্ছামতে মালিকে কৰা ভাৰা বৃদ্ধিৰ লগতে ভাৰাতীয়াৰ আন সমস্যাসমূহ ৰোধ কৰিব পৰা যাব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।