ভূৰাগাঁৱৰ বিভিন্ন অঞ্চলত বানৰ সংহাৰী ৰূপঃ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

 07/12/2019 - 21:28

লাহৰীঘাটঃ মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ বিভিন্ন অঞ্চলত বানৰ তাণ্ডৱত কেইবা কোটি টকাৰ সা-সামগ্ৰী বিনষ্ট হৈছে। যোৱা দুদিনত ব্ৰহ্মপুত্ৰৰ বানে সংহাৰী ৰূপ ধাৰণ কৰি বিস্তীৰ্ণ অঞ্চলৰ বিস্তৰ ক্ষতি সাধন কৰে। টেঙাগুৰি কছাৰী গাঁৱৰ নৱ নিৰ্মীয়মান ৰিং বান্ধ ছিগি যোৱাত এখনৰ পিছত আন এখন গাঁও বানত বুৰ যায়। টেঙাগুৰি, ফলিহামাৰি পথাৰ, জৰিবৰ, বকোৱামাৰি, ঔতলাবড়ী, তিনিচুকীয়া মহমাৰা, হাতীলৰুৱা পথাৰ, বালিডোঙ্গা, ফলিহামাৰি পাম, দক্ষিণ টেঙাগুৰিকে ধৰি প্ৰায় অৰ্ধশতাধিক গাঁও প্লাবিত হৈছে।

বহু ঠাইত ৰাস্তা ঘাট ছিঙি নিয়াৰ ফলত যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হোৱা পৰিলক্ষিত হৈছে। বহু লোকৰ ঘৰ-দুৱাৰ উটুৱাই নিয়াৰ লগতে টেঙাগুৰি-ফলিহামাৰি পথাৰ সংযোগী পথৰ পকী দলঙৰ দুয়ো মূৰ বানৰ কোবাল সোঁতে উটুৱাই নিয়ে। দলংখনৰ গাতে লাগি থকা টেঙাগুৰি নতুন প্ৰাথমিক বিদ্যালয়খনো উটুৱাই নিয়ে। ঠিকাদাৰে জলসম্পদ বিভাগৰ বৰমূৰীয়াসকলৰ লগত মিলি অতি নিম্নমানৰ কাম কৰাৰ বাবেই প্ৰায় অৰ্ধশতাধিক গাঁৱৰ ৰাইজে দুৰ্ভোগ ভূগিব লগীয়া হৈছে বুলি ভুক্তভোগী ৰাইজে ক্ষোভ প্ৰকাশ কৰে।

স্বাৰ্থলোভী ঠিকাদাৰসকলৰ বাবেই এই বিস্তীৰ্ণ অঞ্চলৰ জনসাধাৰণে বানৰ তাণ্ডৱত নিজ গৃহ এৰি মুকলি আকাশৰ তলত বিনিদ্ৰ ৰজনী কটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। স্থানীয় প্ৰশাসনৰ লগতে এছ ডি আৰ এফ বাহিনীয়ে বানত আবদ্ধ হোৱা ৰাইজক উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। শুক্ৰবাৰে পুৱা ১০ বজাত ভূৰাগাঁৱৰ বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই।

পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ লগত থাকে মৰিগাঁও জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰা, আৰক্ষী অধীক্ষক স্বপ্ন নীল ডেকাৰ লগতে স্থানীয় প্ৰশাসন।মন্ত্ৰীগৰাকীয়ে বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি কয় যে বানাক্ৰান্তসকলক চৰকাৰ প্ৰশাসনৰ তৰফৰ পৰা সাহায্যৰ ব্যৱস্থা কৰা হৈছে আৰু পানী কমাৰ হোৱাৰ লগে লগেই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।