গোৱালপাৰা-আগিয়া সংযোগী ৰাজ্যিক ঘাইপথৰ দুৰৱস্থাঃ পুখুৰীসদৃশ গাঁতত জাল মাৰি কৃষক মুক্তিৰ প্ৰতিবাদ

 07/12/2019 - 21:33

বিলাসীপাৰাঃ ৰাজ্যৰ গড়কাপ্টানি বিভাগৰ চৰম গাফিলতি আৰু অৱহেলাৰ ফলত গোৱালপাৰা চহৰৰ গোৱালপাৰা-আগিয়া সংযোগী ৰাজ্যিক ঘাইপথছোৱাত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত চহৰবাসী যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিব লগা হৈছে। এই পথছোৱা ৰাইজৰ বাবে কাল হৈ পৰিছে। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি এই পথছোৱাত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে।

পথত সৃষ্টি হোৱা পুখুৰীসদৃশ গাঁতত জাল মাৰি গড়কাপ্টানি বিভাগৰ ওপৰত ক্ষোভ উজাৰে। বিভাগীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো অকৰ্মন্য, ব্যৰ্থ আৰু বহুবল্কী মন্ত্ৰী বুলি সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে। উল্লেখযোগ্য যে গোৱালপাৰা চহৰৰ গোৱালপাৰা-আগিয়া সংযোগী ৰাজ্যিক ঘাইপথ ১২A অংশ দীৰ্ঘদিনৰ পৰাই বিধ্বস্ত হৈ আছে যদিও গা লৰা নাই গড়কাপ্টানি বিভাগৰ।

গোৱালপাৰা চহৰত প্ৰৱেশ কৰা মূল পথছোৱা বিধ্বস্ত হৈ থকাৰ ফলত গৰ্ভৱতী, প্ৰসুতিকে ধৰি স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী আদিৰ লগতে এম্বুলেঞ্চ আদি পথটোৱেদি চলাচল কৰিব নোৱাৰা হৈছে। পথছোৱাৰ গাতে আছে গোৱালপাৰা অসামৰিক চিকিৎসালয়, জিলা পৰিবহণ বিভাগ, জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ লগতে আন কেবাটাও গুৰুত্বপূৰ্ণ কাৰ্যালয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।