কাকপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

 07/12/2019 - 21:36

কাকপথাৰঃ অসম আৰু অৰুনাচল প্ৰদেশ সংযোগী কাকপথাৰৰ মাইঠংত ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বাগৰি পৰে এখন ৭০৯ ট্ৰাক৷ ট্ৰাকখনৰ মালিক মহাদেৱপুৰৰ গৌতম চাহ আৰু চালকজনৰ নাম ৰোহিত চাহ (20) বুলি জানিব পৰা গৈছে৷ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ বিধ্বস্ত হৈ পৰাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিবলৈ দিছে প্ৰত্যক্ষদৰ্শীয়ে৷ চালকজন বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।