বাক্সা-ৰঙিয়া মহকুমাত ভয়ংকৰ ৰূপ লৈছে পুঠিমাৰী নৈয়ে ঃ মন্ত্ৰী ভৱেশ কলিতাই খবৰ ল’লে নৈপৰীয়া ৰাইজৰ 

 07/12/2019 - 21:47

ৰঙিয়াঃ প্ৰলয়ংকাৰী বানৰ কৱলত সমগ্ৰ অসম। যোৱা কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণৰ ফলত বানৰ তাণ্ডৱ আৰম্ভ হোৱাৰ সময়তে ক্ৰমাৎ জলস্তৰ বৃদ্ধি হৈ ভয়ংকৰ ৰূপ লৈছে বাক্সা জিলাৰ নিজ কাউৰবাহা, বগুৰীবাৰী, ধূলাবড়ী আৰু কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত কেকেনীকুছি, হাঁহাৰা, কেন্দুকোনা মধুকুছি আদিত। ইতিমধ্যে আজি নিজ কাউৰবাহা, বগুৰীবাৰী, ধূলাবড়ী আদিত অঞ্চলৰ পুঠিমাৰী নৈৰ মথাউৰিটো পৰিভ্ৰমণ কৰি ৰাইজৰ খবৰ লৈছে ৰাজ্যৰ জলসিঞ্চন ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই।

ইয়াৰ উপৰি বিটিএডিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰী, প্ৰাক্তন সংসদীয় সচিব ঘনশ্যাম কলিতা, বাক্সা জিলাৰ উপায়ুক্ত প্ৰমুখ্যে বিভিন্ন দল-সংগঠনে উপস্থিত হৈ মথাউৰিটোৰ তদাৰক কৰি ৰাইজক ভীতিগ্ৰস্ত নহ’বলৈ আহ্বান জনায়। যিকোনো মুহূৰ্ততে প্ৰশাসন, স্থানীয় বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতা ৰাইজৰ লগত থকাৰ আশ্বাস দিয়ে। আনহাতে মহকুমাটোৰ নোনা আৰু বৰলীয়া নৈ বিপদ সীমাৰ ওপৰত বৈ থকাৰ লগতে বিগত তিনিটা বছৰৰ ৰেকৰ্ড ভংগ কৰি বিপদ সীমাৰ প্ৰায় ২.৪১ মিটাৰ ওপৰেৰে বৈ আছে পুঠিমাৰী নৈখন।

লক্ষণীয়ভাৱে বানৰ সংহাৰী ৰূপৰ আশংকাত নৈপৰীয়া ৰাইজে বিনিদ্ৰ ৰজনী কটোৱাৰ সমান্তৰালকৈ যি কোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সম্পূৰ্ণ সষ্টম হৈ উঠিছে ৰঙিয়া মহকুমা প্ৰশাসনো। যুদ্ধকালীন তৎপৰতাৰে সাজু কৰি ৰখা হৈছে প্ৰতিটো বিভাগক। যোৱা নিশাৰে পৰা মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈয়ে ৰঙিয়া মহকুমাৰ বিভিন্ন বান সংবেদনশীল অঞ্চল পৰিভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মোখনিয়া, কেকেনিকুছি, দক্ষিণ বৰদল, তিতকুৰি আদি ঠাই বিশেষে বানৰ সম্ভাৱনা পৰ্যবেক্ষণ কৰি জলসম্পদ বিভাগক সকলো ধৰণৰ প্ৰচেষ্টাৰে জলস্ৰোত ৰোধ কৰিবলৈ যাবতীয় নিৰ্দেশনা দিছে।

ইফালে পুঠিমাৰী নৈৰ পানী বাঢ়ি থকাৰ বাবে ৰঙিয়া মহকুমা প্ৰশাসনে দগাঁও-বৰলেচাকোণা পথৰ কালভাৰ্টৰ লগতে চেপ্তি-বিহদিয়া পথৰ ওপৰত থকা ৩/১ নং কাঠৰ দলংখনৰ ওপৰেৰে যান-বাহনৰ চলাচল বন্ধ ঘোষণা কৰিছে। মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈৰ নিৰ্দেশ মৰ্মে আজি মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা অনুভাষ যন্ত্ৰ যোগে পুনৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত দলংখনেৰে যান-বাহনৰ চলাচল বন্ধ থাকিব বুলি ৰাইজৰ মাজত সম্প্ৰচাৰ কৰা হয়। উল্লেখ্য যে বানপানীৰ সময়ত হ'ব পৰা যি কোনো ৰোগৰ প্ৰতিষেধকৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি মহকুমাধিপতি বৰদলৈয়ে স্বাস্থ্য বিভাগৰ সকলো বিষয়া-কৰ্মচাৰী, চিকিৎসক-চিকিৎসাকৰ্মী আদিক প্ৰয়োজনীয় ঔষধ পাতিৰে প্ৰতি মুহূৰ্ততে সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিছে।

আজি মহকুমা স্বাস্থ্য বিষয়া চফিকুল হকে মহকুমাধিপতিগৰাকীক অৱগত কৰে যে হেলজন্, পেৰাচিটামল, অ’আৰএছজাতীয় ঔষধ-পাতি উপলব্ধেৰে মহকুমাটোৰ প্ৰতিটো স্বাস্থ্য উপকেন্দ্ৰ সাজু কৰি ৰখা হৈছে। আনহাতে কৃষি ভূমিৰ ক্ষয়-ক্ষতিৰ জৰীপ চলাবলৈ কৃষি বিভাগক আৰু পশুধনৰ যাতে বিলাই-বিপত্তি নহয় তাৰ বাবে পৰ্য্যাপ্ত পশু খাদ্য যোগান ধৰিবলৈ পশুপালন আৰু পশুচিকিৎসা বিভাগক যাবতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে মহকুমাধিপতিগৰাকীয়ে। খাদ্য আৰু অসামৰিক যোগান বিভাগকো তেখেতে চতুৰ্দিশে চোকা দৃষ্টি ৰাখি যতেই প্ৰয়োজন তাতেই বান-সাহাৰ্য্য প্ৰদানৰ ক্ষিপ্ৰ পদক্ষেপ ল’ব পৰাকৈ সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়ে।

তেখেতে জানিব দিয়ে যে প্ৰয়োজনীয় ৰছদ-পাতিৰে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ ক্ষতিৰ পৰিমাণ পাৰ্যমানে ৰোধ কৰিবৰ বাবে ৰঙিয়া মহকুমা প্ৰশাসনে সকলো ধৰণৰ প্ৰচেষ্টা হাতত লৈছে। এই সময়ছোৱাত অধিক আতংকিত নহৈ পৰিস্থিতিগত পৰিবেশৰ মোকাবিলা কৰিবলৈ ধৈৰ্য্য সহকাৰে প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ ৰাইজক আহ্বান জনাইছে মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈয়ে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।